ETV Bharat / state

Governmentalization of Science Stream: ডুমডুমা মহাবিদ্যালয়লৈ সুখবৰ, বিজ্ঞান শাখা চৰকাৰীকৰণ

author img

By

Published : Jun 29, 2023, 7:55 PM IST

ডুমডুমা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ চৰকাৰীকৰণ । শিক্ষামন্ত্ৰীৰ ঘোষণাৰ পাছতেই ডুমডুমাত আনন্দ; মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰীক ধন্যবাদ মৰাণ ছাত্ৰ সন্থাৰ ।

Doomdooma College
বিজ্ঞান শাখা চৰকাৰীকৰণ
মৰাণ ছাত্ৰ সন্থা

তিনিচুকীয়া, ২৮ জুন : ৰাজ্যৰ শিক্ষাখণ্ডত বিগত বহু সময় ধৰি নানান উত্থান-পতন পৰিলক্ষিত হৈছে ৷ বেছিভাগ সময়তে শিক্ষক সমাজে ভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰাই দেখিবলৈ পোৱা গৈছে ৷ বিশ্ববিদ্যালয়সমূহত চেণ্টাৰসমূহ বিভাগলৈ উন্নীতকৰণৰ দাবীৰ পৰা আৰম্ভ কৰি কিছু কিছু মহাবিদ্যালয়ক অটোন’মাচ কৰাৰ লগতে বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ, উচ্চতৰ মাধ্যমিক শিক্ষাৰ ষ্ট্ৰীম তিনিটা চৰকাৰীকৰণ, বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ খালী পদ পূৰণ, ঠিকা ভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ, বিশেষ টেট-উত্তীৰ্ণ শিক্ষকসকলক নিযুক্তিকৰণ আদি বিভিন্ন দাবীৰ মাজেৰে চলি থকা অসমৰ শিক্ষা বিভাগটোৰ শোচনীয় ৰূপটো বহু সময়ত পৰিস্ফূট হৈ পৰিছে ৷

চৰকাৰে অসমৰ বহু চাহ জনজাতি অধ্যূষিত অঞ্চলত কেইবাখনো মডেল স্কুল স্থাপন কৰিছে ৷ জনজাতীয় লোকসকলৰ মাজত শিক্ষাৰ পোহৰ বিলোৱাৰ মানসেৰে স্থাপন কৰা বিদ্যালয়সমূহলৈ সাধাৰণ ৰাইজৰ সোঁত বোৱা পৰিলক্ষিত হৈছে ৷ ই আমাৰ সমাজৰ বাবে এক যোগাত্মক বাৰ্তা ৷ শেহতীয়াকৈ তিনিচুকীয়া জিলাখনৰ ভিতৰতেই উচ্চ শিক্ষাৰ এক অন্যতম শিক্ষানুষ্ঠান ডুমডুমা মহাবিদ্যালয় সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা, যিয়ে উৎফুল্লিত কৰি তুলিছে সকলোকে ৷

ডুমডুমা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাটো বহু বছৰ ধৰি চৰকাৰীকৰণ নোহোৱাকৈ চলি আছিল । সদৌ মৰাণ ছাত্ৰ সন্থাৰ ডুমডুমা আঞ্চলিক সমিতিৰ লগতে ডুমডুমা অঞ্চলৰ বিভিন্ন দল-সংগঠনে এই সম্পৰ্কে বিভিন্ন সময়ত চৰকাৰ তথা শিক্ষা বিভাগক ডুমডুমা মহাবিদ্যালয়ৰ বিজ্ঞান শাখা চৰকাৰীকৰণ কৰিবৰ বাবে দাবী জনাই আহিছিল । অৱশেষত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে ডুমডুমা মহাবিদ্যালয়ৰ বিজ্ঞান শাখা চৰকাৰীকৰণ হোৱা বুলি বুধবাৰে এক টুইটযোগে জনায় । এই খবৰ লাভ কৰাৰ পাচতেই ডুমডুমা অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ লগতে ডুমডুমা মহাবিদ্যালয় কৰ্তৃপক্ষ তথা বৃহত্তৰ অঞ্চলটোৰ ৰাইজ আনন্দিত হৈছে ।

ডুমডুমা মহাবিদ্যালয়ৰ বিজ্ঞান শাখা চৰকাৰীকৰণৰ সিদ্ধান্তৰ বাবে মৰাণ ছাত্ৰ সন্থাৰ ডুমডুমা আঞ্চলিক সমিতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে । সমান্তৰালভাৱে, ডুমডুমা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ অধ্যাপক-অধ্যাপিকা সকলকো ন্যায় প্ৰদান কৰি এক সুস্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ মৰাণ ছাত্ৰ সন্থাই চৰকাৰক আহ্বান জনাই ।

লগতে পঢ়ক : Blood donation awareness move: ৰক্তদানৰ সজাগতা সন্দৰ্ভত টীম হিউমেনিটীৰ পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.