ETV Bharat / state

Deprived teacher: প্ৰাপ্যৰ পৰা দীৰ্ঘদিনে বঞ্চিত কাকপথাৰৰ দুগৰাকী শিক্ষক - Sarumesai Primary School in Kakapathar

শিক্ষকতাৰ দৰে মহান বৃত্তিত নিয়োজিত হৈ চৰমভাৱে অৱহেলিত কাকপথাৰৰ দুগৰাকীকৈ শিক্ষক । বিনা বেতনেৰে ২২ টাকৈ বৰ্ষ চৰকাৰী শিক্ষকতা কৰা কাকপথাৰৰ দুগৰাকী শিক্ষকৰ বিলৈ । চৰকাৰী নিযুক্তিপ্ৰাপ্ত হৈয়ো বেতনৰ পৰা বঞ্চিত হৈছে দুগৰাকী শিক্ষক (Teachers deprived of salary)।

Teacher deprived from salary in Kakapathar
চৰমভাৱে অৱহেলিত কাকপথাৰৰ দুগৰাকী শিক্ষক
author img

By

Published : Apr 12, 2023, 10:02 AM IST

চৰমভাৱে অৱহেলিত কাকপথাৰৰ দুগৰাকী শিক্ষক

তিনিচুকীয়া, ১২ এপ্ৰিল: তিনিচুকীয়া জিলাৰ কাকপথাৰৰ চেঙেলী মাজগাঁও আৰু সৰুমেচাই গাঁৱৰ বাসিন্দা অকণি শইকীয়া আৰু ফটিক বৰুৱাই জীৱনৰ অধিকাংশ সময় মানৱ সম্পদ গঢ়াত অতিবাহিত কৰিলে যদিও সদায় চৰকাৰৰ পৰা অৱহেলিত হৈয়ে থাকিল । পেছাত দুয়োগৰাকী শিক্ষক ৷ প্ৰাথমিক বিদ্যালয়ৰ দুয়োগৰাকী আছিল চৰকাৰী নিযুক্তিপ্ৰাপ্ত শিক্ষক (Teacher deprived from salary in Kakapathar) । চৰকাৰীভাৱে নিযুক্তি লাভ কৰাৰ পিচতো কিন্তু নাপালে কোনো দৰমহা । ২২ বছৰ ধৰি শিক্ষকতাৰ দৰে মহান বৃত্তিত নিয়োজিত হৈয়ো উপেক্ষিত হৈ ৰ'ল এই দুগৰাকী শিক্ষক ।

চৰকাৰী কাৰ্যালয়,মন্ত্ৰী-আমোলাৰ পৰা কোনোধৰণৰ সঁহাৰি লাভ নকৰাত অবশেষত সংবাদ মাধ্যমৰ কাষ চাপি মনৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে সহায় ভিক্ষা কৰিছে শিক্ষক দুগৰাকীয়ে । আৰম্ভণিতে দুয়োগৰাকীক বৃত্তিধাৰি হিচাবে নিযুক্তি দিয়া হৈছিল যদিও চৰ্ত অনুসৰি দুয়োগৰাকী ব্যক্তিয়ে প্ৰশিক্ষণ সম্পূৰ্ণ কৰাত উত্তীৰ্ণ হৈ অহাৰ বাবে মাহিলী ভাত্তা নিৰ্ধাৰণ কৰি সেই ভাত্তা উপভোগ কৰিব পাৰিব বুলি আদেশ পত্ৰ দিছিল । এই পত্ৰৰ জৰিয়তে ১৯৯৯ চনত অকণি শইকীয়াক কাকপথাৰৰ সৰুমেচাই প্ৰাথমিক বিদ্যালয় (Sarumesai Primary School in Kakapathar) আৰু ১৯৯৮ চনত ফটিক বৰুৱাক শিশু কল্যাণ প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিছিল তিনিচুকীয়াৰ বিদ্যালয়সমূহৰ উপ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা অহা নিৰ্দেশনাৰ ভিত্তিত (Sishu Kalyan Primary School)।

আৰম্ভণিতে সঠিক ৰূপত মাহিলী দৰমহা লাভ কৰি আহিছিল যদিও হঠাৎ অকণি শইকীয়াক নিযুক্তি দিয়াৰ ৬ মাহ পিছৰ পৰা আৰু ফটিক বৰুৱাক ২০০১ বৰ্ষৰ পৰা কোনোধৰণৰ জাননী নিদিয়াকৈ বন্ধ কৰি দিয়া হয় মাহিলী দৰমহা । ২০১৮ চনত অৱসৰ গ্ৰহণ কৰা শিক্ষক দুগৰাকীক দিয়া নহ'ল অৱসৰৰ কোনো জাননী । তেওঁলোকে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত ন্যায়ালয়ে দৰমহা মুকলি কৰি দিবলৈ নিৰ্দেশ দিছিল ।

শিক্ষকতাৰ জীৱনত ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ পোহৰ বিলাই নিজেই দৰিদ্ৰতাৰ অটল গহ্বৰত সোমাই পৰা এই দুগৰাকী শিক্ষকে উপায়ন্তৰ হৈ তদানীন্তন শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সংবাদ মাধ্যমৰ জৰিয়তে জনালে কাতৰ আহ্বান । কিয়নো এসময়ত শিক্ষকতাৰ দৰে পবিত্ৰ কৰ্মত জড়িত হৈ অৱসৰ লোৱাৰ পাচতো এতিয়া দুয়োগৰাকীৰ পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছে ৷

লগতে পঢ়ক:Karnataka Election 2023 : কৰ্ণাটকত বিজেপিৰ ১৮৯ জনীয়া প্ৰথম প্ৰাৰ্থী তালিকাত 52খন নতুন মুখ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.