ETV Bharat / state

Philobari Husori controversy: ছোৱালীয়ে ধুতি পিন্ধি হুঁচৰি গোৱাই হ’ল অপৰাধ; নিমন্ত্ৰণ কৰিও নিদিলে প্ৰদৰ্শন কৰিবলৈ - ফিল’বাৰী

ফিল’বাৰীৰ এক অনুষ্ঠানে প্ৰয়াস সংস্কৃতিক গোষ্ঠীৰ ছোৱালী দলক নিমন্ত্ৰণ কৰিও হুঁচৰি প্ৰদৰ্শন কৰিবলৈ নিদিয়াৰ অভিযোগ । ছোৱালীৰ দলটোৱে ধুতি পৰিধান কৰাৰ বাবেই হুঁচৰি প্ৰদৰ্শন কৰাত বাধা দিয়াৰ অভিযোগ ৷

Philobari Husori controversy:
ছোৱালীয়ে ধুতি পিন্ধি হুঁচৰি গোৱাই হ’ল অপৰাধ
author img

By

Published : Apr 27, 2023, 8:44 AM IST

ছোৱালীয়ে ধুতি পিন্ধি হুঁচৰি গোৱাই হ’ল অপৰাধ

তিনিচুকীয়া, 27 এপ্ৰিল: শেহতীয়াকৈ অসম চৰকাৰৰ প্ৰচেষ্টাত বিহুৱে গঢ়িলে বিশ্ব অভিলেখ (Bihu World record ) ৷ কিন্তু এইবাৰ বিহুৰ হুঁচৰিক কেন্দ্ৰ কৰি এটা মহিলা বিহুৰ দল লিংগ বৈষম্যৰ বলি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ ছোৱালীয়ে ধুতি পৰিধান কৰাৰ বাবেই নিমন্ত্ৰণ কৰাৰ পাচতো গাবলৈ দিয়া নহ’ল হুঁচৰি ৷ তিনিচুকীয়া জিলাৰ ফিল’বাৰী সংঘটিত হৈছে এই ঘটনা (Philobari Husori controversy) ৷

অভিযোগ অনুসৰি তিনিচুকীয়া জিলাৰ ফিল’বাৰী অঞ্চলৰ প্ৰয়াস সাংস্কৃতিক গোষ্ঠী নামৰ দলটোক ফিল’বাৰীতে অনুষ্ঠিত কৰা এটা অনুষ্ঠানত প্ৰদৰ্শনৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছিল ৷ কিন্তু দলটো উপস্থিত হোৱাৰ পাচতেই অনুষ্ঠানটো আয়োজন কৰা কেইগৰাকীমান বিষয়ববীয়াই ছোৱালীয়ে ধুতি পৰিধান কৰাৰ বাবে হুঁচৰি প্ৰদৰ্শন কৰা বাৰণ কৰে ৷ হুঁচৰিক কেন্দ্ৰ কৰি এই দৰে লিংগ বৈষ্যমৰ সৃষ্টি কৰাক লৈ আৰু ছোৱালীৰ দলটোক অপমানিত কৰাক কেন্দ্ৰ কৰি অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ (Girls deprived of performing husori) ৷

লগতে পঢ়ক: World record set by Assam: অসমে গঢ়া দুটাকৈ গীনিজ বুক অৱ্ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰমাণ পত্ৰ লাভ কৰিলে মুখ্যন্ত্ৰীয়ে

উল্লেখ্য যে, প্ৰয়াস সাংস্কৃতিক গোষ্ঠী নামৰ দলটোৱে 2016 চনৰ পৰা অঞ্চলটোত নাট-ভাওনা, বিহু আদি পৰম্পৰাগত সংস্কৃতিৰ চৰ্চা কৰি স্থানীয় ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈ আহিছে ৷ এই বৰ্ষত তেওঁলোকে 25 গৰাকী হাইস্কুল পৰ্যায়ৰ ছাত্ৰীক একগোট কৰি এটি বিহু হুঁচৰি দল প্ৰস্তুত কৰি জিলাখনৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাইজৰ সমাদৰ লাভ কৰিছিল ৷ কিন্তু নিজৰ অঞ্চলতেই একাংশ গোড়ামীৰ বলি হ’ব লগা হ’ল দলটো ৷ এই কাৰ্যক লৈ এতিয়া ছাত্ৰীকেইগৰাকীৰ অভিভাৱকসকলেও ক্ষোভ প্ৰকাশ কৰিছে ৷ এনে বৈষম্যমূলক আচৰণৰ বাবে অনুষ্ঠানটোৰ বিষয়ববীয়াসকলক জনাইছে ধিক্কাৰ ৷

লগতে পঢ়ক: Gamocha Heritage Protection Bill 2023 : অসমৰ গামোচা ঐতিহ্য (সুৰক্ষা) বিধেয়ক ২০২৩ ৰ খচৰা দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.