ETV Bharat / state

Panch Swahid of Tinsukia: পঞ্চ শ্বহীদক সুঁৱৰি 1994 চনৰ সেই ভয়াৱহ নিশাটোৰ কথা পুনৰ মনত পেলালে ডাঙৰীবাসীয়ে - Jagdish Bhuyan

ভাৰতীয় সেনাই অতি বৰ্বৰতাৰে হত্যা কৰা তিনিচুকীয়াৰ পঞ্চ শ্বহীদ সন্দৰ্ভত বৃহস্পতিবাৰে চূড়ান্ত ৰায় প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ পঞ্চ শ্বহীদৰ পৰিয়ালক 20 লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ ন্যায়ালয়ৰ ৷ ন্যায়ালয়ৰ ৰায়দানক আদৰণি পঞ্চ শ্বহীদৰ পৰিয়ালৰ ৷

Panch Swahid of Tinsukia
পঞ্চ শ্বহীদক সোঁৱৰি 1994 চনৰ সেই ভয়াৱহ নিশাটোৰ কথা পুনৰ মনত পেলালে ডাঙৰীবাসীয়ে
author img

By

Published : Mar 9, 2023, 10:10 PM IST

পঞ্চ শ্বহীদক সোঁৱৰি 1994 চনৰ সেই ভয়াৱহ নিশাটোৰ কথা পুনৰ মনত পেলালে ডাঙৰীবাসীয়ে

তিনিচুকীয়া, 9 মাৰ্চ: দেশত ন্যায় ব্যৱস্থা আজিও অক্ষুন্ন আছে, গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে তাকে প্ৰমাণ কৰিলে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে সুদীৰ্ঘ 29 বছৰ পুৰণি 1994 চনৰ অভিশপ্ত 22 ফেব্ৰুৱাৰীত তিনিচুকীয়া জিলাৰ ডাঙৰীত সেনাৰ দ্বাৰা সংঘটিত পাঁচজন নিৰীহ যুৱকৰ হত্যাকাণ্ডৰ চুড়ান্ত ৰায়দান প্ৰদান কৰিলে (Tinsukia Panch Swahid case) ৷

অভিশপ্ত 22 ফেব্ৰুৱাৰীত সেনাই হত্যা কৰা সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ তিনিচুকীয়া জিলা সমিতিৰ তদানীন্তন উপদেষ্টা ডাঙৰী গাঁৱৰ প্ৰবীন সোণোৱাল, তালাপৰ আছু কৰ্মী অখিল সোণোৱাল, প্ৰদীপ দত্ত, দেৱজিৎ বিশ্বাস আৰু লাইনা-তামুলি গাৱঁৰ ভৱেন মৰাণৰ পক্ষত বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়দান দি নিৰীহ শ্বহীদ পৰিয়াল পাঁচটাক 20 লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ প্ৰদান কৰিছে ৷ ৰায়দানটোত উচ্চ ন্যায়ালয়ে ক্ষতিপূৰণ লাভ কৰিব লগা শ্বহীদ পৰিয়ালৰ সদস্য পাঁচজনক চিনাক্তকৰণ কৰিবলৈ তিনিচুকীয়া জিলা ন্যায়ধীশ পৰ্যায়ত কমিটি গঠন কৰিবলৈও প্ৰদান কৰিছে নিৰ্দেশনা (Verdict on Tinsukia Panch Swahid) ৷

উল্লেখ্য যে, 1994 চনৰ 15 ফেব্ৰুৱাৰীত তিনিচুকীয়া জিলাৰ তালাপস্থিত অসম ফ্ৰন্টিয়াৰ লিমিটেডৰ অন্তৰ্গত তালাপ চাহ বাগিছাৰ পৰিচালক ৰামেশ্বৰ সিঙক নিষিদ্ধ ঘোষিত সংগঠন আলফাই গুলীয়াই হত্যা কৰাৰ পাছত 18 ফেব্ৰুৱাৰীৰ পুৱতি নিশা ভাৰতীয় সেনাৰ 18 নং পাঞ্জাৱ ৰেজিমেণ্টে সেই সময়ৰ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা তথা ডাঙৰী গাঁৱৰ প্ৰবীণ সোনোৱাল, আছুৰ সক্ৰিয় সদস্য তালাপৰ প্ৰদীপ দত্ত, দেৱজিৎ বিশ্বাস, লাইনা-তামুলী গাঁৱৰ ভবেন মৰাণ, ধলাৰ ন-বৰমূৰা গাঁৱৰ অখিল সোনোৱাল, ৰূপাইৰ বিষ্ণু নগৰৰ গুণীন হাজৰিকা, প্ৰকাশ শৰ্মা, তালাপ আহুবাৰীৰ মনোৰঞ্জন দাস আৰু তামুলী-ধূলিজান 1নং বাদল পথাৰ গাঁৱৰ মতেশ্বৰ মৰাণ নামৰ 9 জনকৈ নিৰীহ যুৱকক আলফাৰ সন্দেহত নিজ নিজ গৃহৰ পৰা উঠাই নিছিল (Operation against ULFA) ।

ইয়াৰে গুণীন হাজৰিকা, প্ৰকাশ শৰ্মা, মনোৰঞ্জন দাস (বৰ্তমান মৃত) আৰু মতেশ্বৰ মৰাণক সেনাই মুকলি কৰি দিছিল যদিও প্ৰবীণ সোনোৱাল, প্ৰদীপ দত্ত, দেৱজিৎ বিশ্বাস, ভবেন মৰাণ আৰু অখিল সোনোৱালক চাৰি দিনকৈ সেনা ছাউনীত অকথ্য শাৰীৰিক নিৰ্যাতন চলাই শেষত 22 ফেব্ৰুৱাৰী দিনা ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ নি শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল । অতি বৰ্বৰতাৰে সেনাই ভুৱা আলফা সজাই পাঁচজনকৈ নিৰীহ যুৱকক হত্যা কৰাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাইজে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল (Army killed innocents in Assam) ।

পৰৱৰ্তী সময়ত সেই সময়ৰ আছু নেতা জগদীশ ভূঞাই (Jagdish Bhuyan) 23 ফেব্ৰুৱাৰী দিনা গুৱাহাটী উচ্চ ন্যায়ালয়ত উক্ত পাঁচ শ্বহীদৰ ন্যায় বিচাৰি আবেদন কৰাত ন্যায়ালয়ে ডাঙৰীৰ এই পঞ্চ শ্বহীদকাণ্ডৰ তদন্ত ভাৰ অৰ্পণ কৰিছিল চিবিআইক । চিবিআইয়ে চি 4/চি/2000 নম্বৰত এটা গোচৰ ৰুজু কৰি 2000 চনতে তদন্তৰ চূড়ান্ত প্ৰতিবেদন ন্যায়ালয়ক আৰু ভাৰতীয় সেনা প্ৰধানক দাখিল কৰিছিল । সুদীৰ্ঘ বছৰ সেনাই চিবিআইয়ে দাখিল কৰা তদন্তৰ প্ৰতিবেদন গাপ দি ৰাখিছিল যদিও 2017 চনৰ ছেপ্টেম্বৰ মাহত চিবিআইৰ প্ৰতিবেদনৰ ভিত্তিত দিনজানস্থিত সেনাৰ কৰ্টত 18 নং পঞ্জাৱ ৰেজিমেণ্টৰ দোষী বিষয়াা জোৱানৰ বিৰুদ্ধে কৰ্ট মাৰ্চেলৰ ব্যৱস্থা কৰে সেনা প্ৰধানে (Tinsukia Panch Swahid History) ।

প্ৰায় 1 বছৰজুৰি চলা সেনাৰ এই কৰ্ট মাৰ্চেলৰ অন্তত 2018 চনৰ 13 অক্টোবৰ তাৰিখৰ দিনা প্ৰদান কৰা ৰায়ত 1994 চনৰ 22 ফেব্ৰুৱাৰীৰ দিনাৰ ডাঙৰীৰ উক্ত পঞ্চ শ্বহীদকাণ্ডৰ সৈতে জড়িত 7 জনকৈ সেনা বিষয়া জোৱানক যাৱজ্জীৱন কাৰাণ্ডৰে কঠোৰ শাস্তি ঘোষণা কৰিছিল যদিও শ্বহীদ পৰিয়ালবৰ্গক কোনো ধৰণৰ ক্ষতিপূৰণ প্ৰদানৰ কথা ঘোষণা কৰা নাছিল । যাৰ পৰিপ্ৰেক্ষিতত জগদীশ ভূঞাই ৰুজু কৰা উক্ত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত ।

সুদীৰ্ঘ 29 বছৰৰ অন্তত বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে শ্বহীদৰ প্ৰতিটো পৰিয়ালবৰ্গক 20 লাখকৈ ক্ষতিপূৰণৰ প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ প্ৰদানেৰে এক ঐতিহাসিক ৰায় প্ৰদান কৰাত এতিয়া শ্বহীদ পৰিয়ালবৰ্গৰ মাজত আশাৰ ৰেঙণি দেখা পৰিলক্ষিত হৈছে । সুদীৰ্ঘ 29 বছৰৰ অন্তত গুৱাহাটী উচ্চ ন্যায়ালয়ে শ্বহীদ পৰিয়াবৰ্গৰ সপক্ষে ৰায় প্ৰদান কৰাত এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে শ্বহীদৰ পৰিয়ালে (Dangari panch swahid) ।

শ্বহীদৰ পৰিয়ালবৰ্গই ন্যায়ালয়ৰ ৰায়ক শ্ৰদ্ধা আৰু আদৰণি জনোৱা বুলি উল্লেখ কৰি গোচৰটোৰ সৈতে সুদীৰ্ঘ 29 বছৰে ন্যায়িক যুঁজ অব্যাহত ৰাখি অৱশেষত জয় হ’বলৈ সক্ষম হোৱা মূল গোচৰীয়া শদিয়াৰ প্ৰাক্তন বিধায়ক জগদীশ ভূঞা আৰু এই দীঘলীয়া আইনী যুজখন চলাই নিয়াত মুখ্য ভূমিকা গ্ৰহণ কৰা অধিবক্তা কমল নাৰায়ণ চৌধুৰীক কৃতজ্ঞতা জ্ঞাপন কৰে ।

সমান্তৰালভাৱে সুদীৰ্ঘ 29 বছৰীয়া এই ন্যায়িক যুঁজখনত সকলো সমতে সহায় সহযোগিতা আগবঢ়াই অহা আছুৰ তিনিচুকীয়া জিলা সমিতিৰ লগতে ডাঙৰী আঞ্চলিক সমিতি আৰু সংবাদমাধ্যমত কৃতজ্ঞতা জ্ঞাপন কৰিছে পঞ্চ শ্বহীদৰ পৰিয়ালবৰ্গই । আনহাতে বৃহস্পতিবাৰৰ এই ৰায় দানৰ পাচতে ডাঙৰীস্থিত পঞ্চ শ্বহীদৰ সমাধিক্ষেত্ৰত শ্বহীদ পৰিয়ালবৰ্গই শ্বহীদসকলক সুঁৱৰি সন্ধিয়াৰ ভাগত বন্তি প্ৰজ্বলন কৰে ।

লগতে পঢ়ক: Panch Swahid of Tinsukia: 29 বছৰীয়া আইনী যুঁজ; তিনিচুকীয়াৰ পঞ্চ শ্বহীদৰ পৰিয়াললৈ ক্ষতিপূৰণৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.