ETV Bharat / state

ভাৰতীয় সেনাৰ উদ্যোগত বিনামূলীয়া পাঠদান শিবিৰ

author img

By

Published : Nov 7, 2020, 4:28 PM IST

ডুমডুমাত ভাৰতীয় সেনাৰ উদ্যোগত বিনামূলীয়া পাঠদান কাৰ্যসূচী ৷ ডুমডুমা মহাবিদ্য়ালয়ত অনুষ্ঠিত হ’ব এই পাঠদান ৷

Free coaching started by indian army dumduma tinsukia assam etv bharat news
ভাৰতীয় সেনাৰ উদ্যোগত বিনামূলীয়া পাঠদান শিবিৰ

ডুমডুমা,7 নৱেম্বৰ: তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপাই চাইডিংস্থিত ভাৰতীয় সেনাৰ 14 নং অসম ৰেজিমেণ্টৰ উদ্যোগত আয়োজন কৰা হৈছে বিনামূলীয়া পাঠদান কাৰ্যসূচী ৷ অঞ্চলটোৰ নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 4 মহীয়া বিনামূলীয়া পাঠদান শিবিৰৰ ব্যৱস্থা কৰিছে ভাৰতীয় সেনাই ৷ ডুমডুমা মহাবিদ্যালয়ত পুৱাৰ ভাগত হ’বলগীয়া এই পাঠদান শিবিৰৰ শনিবাৰে শুভাৰম্ভ কৰা হয় ৷

মহাবিদ্যালয়খনৰ কল্লোল প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰতীয় সেনাৰ 14 নং অসম ৰেজিমেণ্টৰ কামাণ্ডিং বিষয়া সন্দীপ কুমাৰ ডৌগৰাই এই শিবিৰ উদ্বোধন কৰে ৷ সমগ্ৰ দেশতে ক’ভিড 19 মহামাৰীৰ ফলত পাঠগ্ৰহণৰ পৰা বঞ্চিত প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীক এই শিবিৰত প্ৰদান কৰা হ’ব শিক্ষা ৷ এই বিনামূলীয়া পাঠদান শিবিৰৰ পৰা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী উপকৃত হোৱাৰ আশা প্ৰকাশ কৰিছে ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ প্ৰকাশজ্যোতি বৰঠাকুৰে ৷

লগতে চাওকঃ অসমৰ বিদ্যালয়ত মিজো দুৰ্বৃত্তৰ বোমা বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.