ETV Bharat / state

মাছ মাৰিবলৈ যোৱা গঞাক বন বিভাগৰ লোকে প্ৰহাৰৰ অভিযোগ - বন বিভাগৰ বিষয়া

Uruka 2024: উৰুকাৰ উখল-মাখলৰ মাজতে নহৰুবস্তিত বিক্ষিপ্ত ঘটনা ৷ মাছ মাৰিবলৈ অহা স্থানীয় এজন লোকক বন বিভাগে প্ৰহাৰ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

Uruka 2024
মাছ মাৰিবলৈ যোৱা গঞাক বন বিভাগৰ লোকে প্ৰহাৰৰ অভিযোগ
author img

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 12:51 PM IST

মাছ মাৰিবলৈ যোৱা গঞাক বন বিভাগৰ লোকে প্ৰহাৰৰ অভিযোগ

কলিয়াবৰ, 14 জানুৱাৰী : আজি উৰুকা ৷ উৰুকাৰ উপলক্ষে সকলোৱে মিলি-জুলি এসাঁজ খাবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত বিল, জলাশয়, নদীসমূহত পৰম্পৰা অনুযায়ী মাছ মৰা পৰ্ব উদযাপন কৰা পৰিলক্ষিত হৈছে ৷ কিন্তু ইয়াৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিল, জলাশয়ত উৰুকাত মৎস্য চিকাৰ নিষিদ্ধ কৰি কলিয়াবৰ মহকুমা প্ৰশাসনে জাৰি কৰিছিল 144 ধাৰা । বিল, জলাশয়ৰ আশে-পাশে নিৰ্ধাৰিত এলেকাত পাঁচজন বা তাতকৈ অধিক লোকৰ একত্ৰিত হোৱাটো কঠোৰভাৱে নিষিদ্ধ কৰিছিল প্ৰশাসনে । ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ ৰক্ষা আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ সুৰক্ষাৰ বাবে এই পদক্ষেপ হাতত লৈছিল প্ৰশাসনে ৷

কিন্তু ককাদেউতাৰ দিনৰ তাহানিৰ পৰম্পৰা ৰক্ষা কৰিবলৈ ৰাইজে কৰা দাবীৰ প্ৰতি সহাৰি জনায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এঘণ্টাৰ বাবে মাছ ধৰিবলৈ অনুমতি প্ৰদান কৰিছিল ৷ তাৰ পিচতে ভোগালীৰ উৰুকাত মাছধৰা পৰম্পৰা অক্ষুণ্ণ ৰাখি জাকৈ, জুলুকি, পল লৈ আনন্দ মনেৰে ৰাইজে মাছ ধৰিলে কাজিৰঙাৰ বাঘমাৰী বিলত ।

ইফালে ইয়াৰ মাজতে নহৰুবস্তিত বিক্ষিপ্ত ঘটনা সংঘটিত হয় ৷ মাছ মাৰিবলৈ অহা স্থানীয় এজন লোকক বন বিভাগে প্ৰহাৰ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ মৎস্য চিকাৰৰ বাবে ওলায় আহিছিল নহৰুবস্তিৰ একাংশ লোকে । বন বিভাগে অনুমতি দিয়াৰ পিচতে নেহৰুবস্তি দাফলং বিলত মাছ মাৰিবলৈ নামে স্থানীয় লোকসকলে । তাৰ পিচত এজন লোকৰ মূৰত বনকৰ্মীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ লগে লগে স্থানীয় লোকে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ৷ পৰিস্থিতি উত্তপ্ত হৈ পৰাত নগাঁও আৰক্ষী প্ৰশাসন আৰু বন বিভাগৰ বিষয়া উপস্থিত হৈ গুৰুতৰভাৱে আহত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । তাৰ পিচতে বিলখনত মাছ মাৰিবলৈ অনুমতি দিয়ে ৷

যদি প্ৰকৃততে বন বিভাগৰ লোকে লোকজনক প্ৰহাৰ কৰাটো সত্য হয়, তেন্তে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বনাঞ্চলিক বিষয়াই মন্তব্য প্ৰকাশ কৰে ৷ এই ঘটনাৰ প্ৰায় আধাঘন্টাৰ পাচত পুনৰ পৰিস্থিতি স্বাভাৱিক হয় ।

লগতে পঢ়ক: মাছ-মানুহৰ প্ৰেমৰ কাহিনীৰে জনপ্ৰিয় হৈ উঠিছে আগিয়াৰ বকডো গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.