ডিব্ৰুগড়,23জুনঃ দুলীয়াজানৰ বজালনী তামুলী খাট অঞ্চলত মাহ প্ৰসাদত বিষক্ৰিয়া হৈ অসুস্থ শিশু মহিলা সহ অৰ্ধ শতাধিক লোক । জানিব পৰা মতে জিন্টু মেছ নামৰ লোকজনৰ ঘৰত আয়োজন কৰা সকামত মাহ-প্ৰসাদ খাই অসুস্থ হয় লোকসকল ।
অসুস্থ হৈ পৰা অঞ্চলটোৰ ১৩ জনকৈ লোকক ইতিমধ্যে দুলীয়াজানৰ অইল চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ইপিনে সকামত উপস্থিত থকা অন্যান্য লোকসকল ঘটনাটোৰ ফলত চিন্তিত হৈ পৰা দেখা গৈছে ৷
লগতে পঢকঃ গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে সৰৱ সদৌ অসম বঙালী ফেডাৰেচন