ETV Bharat / state

তিনিচুকীয়াত ক’ভিড ৰোগীক ফলমূল বিতৰণ বিজেপি কৰ্মকৰ্তাৰ

author img

By

Published : May 31, 2021, 10:29 AM IST

ৰাজ্যজুৰি উদযাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ বৰ্ষপূৰ্তি ৷ যাৰ লগত সংগতি ৰাখি তিনিচুকীয়াৰ ম’হখুলী আদৰ্শ চিকিৎসালয়ত ক'ভিড ৰোগীক ফলমূল বিতৰণ কৰে অ.বি.চি. মৰ্চা ভাৰতীয় জনতা পাৰ্টী তিনিচুকীয়া জিলা সমিতিয়ে ।

তিনিচুকীয়াত ক’ভিড ৰোগীক ফলমূল বিতৰণ ভাৰতীয় জনতা পাৰ্টিৰ

তিনিচুকীয়া,31 মে’: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ বৰ্ষপূৰ্তি উপলক্ষে দেওবাৰে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যজুৰি 'সেৱাই সংগঠন' শীৰ্ষক সেৱামূলক কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অ.বি.চি. মৰ্চা ভাৰতীয় জনতা পাৰ্টী তিনিচুকীয়া জিলা সমিতিয়েও ৩০ মে' আৰ্থাৎ দেওবাৰে তিনিচুকীয়াৰ ম’হখুলী আদৰ্শ চিকিৎসালয়ত ক'ভিড ৰোগীক ফলমূল বিতৰণ কৰে ৷

উল্লেখ্য যে, দিনে-নিশাই ক'ভিড ৰোগীসকলৰ লগত লাগি থকা চিকিৎসক, নাৰ্চ তথা চিকিৎসালয়ৰ কৰ্মচাৰী সকলোকো কৃতজ্ঞতা জ্ঞাপন কৰে সংগঠনটোৱে । সেৱাৰ মনোভাৱেৰে সকলোকে সেৱা কৰি যাবলৈ আহ্বান জনাই সংগঠনটোৰ কৰ্মকৰ্তাসকলে ৷

আনহাতে, ডাঃ চন্দ্ৰলেখা শইকীয়াই জানিবলৈ দিয়া অনুসৰি, চিকিৎসালয়খনত অতি কম সংখ্যক চিকিৎসক, নাৰ্চ, কৰ্মচাৰীয়ে ক'ভিড ৰোগীসকলক চিকিৎসা আগবঢ়াই আহিছে । তিনিচুকীয়াৰ ম’হখুলী আদৰ্শ চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰৰ মাত্ৰা কম যদিও সকলো ৰোগীকে পৰ্যাপ্ত মানে সেৱা আগবঢ়াই আহিছে চিকিৎসাকৰ্মী সকলে ৷

ইফালে ভাৰতীয় জনতা পাৰ্টীৰ এই কাৰ্যসূচীত অ.বি.চি. মৰ্চা ভাৰতীয় জনতা পাৰ্টী তিনিচুকীয়া জিলা সমিতিৰ সভাপতি পবিত্ৰ গগৈ,সম্পাদক সঞ্জীৱ বৰাৰ লগতে কৰ্মকৰ্তাসকলে উপস্থিত থাকে ৷

লগতে পঢ়ক: ৰাজ্যজুৰি প্ৰধানমন্ত্ৰীৰ 7 বছৰীয়া কাৰ্যকালৰ বৰ্ষপূৰ্তি উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.