মাৰ্ঘেৰিটা, ১০ এপ্ৰিলঃ শুকুৰবাৰে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই লিডুৰ আটাইতকৈ অনগ্ৰসৰ গাওঁ মোলাং ৰিজাৰ্ভত বিতৰণ কৰে ১০০ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী । তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, ফাইজুৰ ৰহমান,তপন দে, শ্যামল নেওগ আদিৰ দ্বাৰা গঠিত এটি প্ৰতিনিধি দলে নদীৰ পাৰত অৱস্থিত অনগ্ৰসৰ গাওঁখনত উপস্থিত হৈ খাদ্য সামগ্ৰী বিতৰণ কৰে ।

লকডাউন চলি থকাৰ সময়ত দুৰ্গত সকলৰ কাষত মাৰ্ঘেৰিটা সাংবাদিক সংস্থা উপস্থিত হোৱাত লিডু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চন্দ্ৰ গৌতমে সন্তোষ প্ৰকাশ কৰে ।
আনহাতে, দেশৰ এই সংকটৰ সময়ত সকলোকে চুবুৰীৰ খাটিখোৱা দৰিদ্ৰ নিঃস্বজনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায় সাংবাদিক সংগঠনটোৱে ।