ডুমডুমা, 27 মেঃ তিনিচুকীয়া জিলাৰ ডুমডুমা, ফিল'বাৰী আৰক্ষী থানা আৰু ফিল'বাৰী আদৰ্শ চিকিৎসালয় আদি অঞ্চলৰ কেইবাটাও কোৱাৰেন্টাইন চেন্টাৰত থকা লোকসকলৰ বাবে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণৰ নেতৃত্বত মাস্কৰ লগতে বিভিন্ন সাহাৰ্য বিতৰণ কৰা হয় ৷
কৰ'না ভাইৰাছৰ বিৰুদ্ধে এই যুদ্ধত মানৱ জাতি জয়ী হ'ব বুলি কয় সভাপতি গৰাকীয়ে ৷ ইয়াৰ বাবে সকলো ৰাইজৰ সহযোগৰ প্ৰয়োজন বুলি উল্লেখ কৰে মৰাণ ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে । চৰকাৰ প্ৰাশাসনৰ লগতে স্বাস্থ্য বিভাগক ধন্যবাদ জনাই ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে ৷
লগতে পঢ়ক- জলমগ্ন গোৱালপাৰা, কি কয় স্থানীয় ৰাইজে !