ETV Bharat / state

তিনিচুকীয়াত 5 যুৱকৰ লক্ষ্য ক্ষুধা নিবাৰণ - SOP

তিনিচুকীয়াত ক’ভিড 19 ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত কঠোৰ স্থিতি গ্ৰহণ কৰিছে প্ৰশাসনে ৷ যাৰ ফলত খাদ্য সংকটত ভূগিছে খাটি খোৱা লোক তথা পদপথত থকা লোকসকল ৷ এই লোকসকলৰ ক্ষুধা নিবাৰণৰ বাবে ওলাই আহিছে তিনিচুকীয়াৰ পাঁচ যুৱক ৷

তিনিচুকীয়াত ৫ যুৱকৰ মহানুভৱতা
তিনিচুকীয়াত ৫ যুৱকৰ মহানুভৱতা
author img

By

Published : Jun 7, 2021, 8:00 AM IST

তিনিচুকীয়া,7 জুন: ক’ভিড সৃষ্ট পৰিৱেশত ত্ৰস্তমান সকলো ৷ যাৰ বাবে চৰকাৰ তথা প্ৰশাসনে জাৰি কৰিছে এখন পাচত আন এখন নীতি-নিৰ্দেশনা(SOP) ৷ যাৰ ফলত বিপাঙত পৰিছে বিশেষকৈ খাটি খোৱা লোক তথা পদপথত বসবাস কৰা লোকসকল ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাতো বৃদ্ধি পাইছে ক’ভিড 19 ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ তিনিচুকীয়াত কঠোৰভাৱে বলৱৎ কৰা হৈছে চৰকাৰী নীতি-নিৰ্দেশনা(SOP) ৷ ফলত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগাত পৰিছে পদপথত বসবাস কৰা লোকসকল ৷ সেয়ে দেওবাৰে পদপথত থকা লোকসকলৰ ক্ষুধা নিবাৰণৰ বাবে ওলাই আহিছে তিনিচুকীয়াৰ পাঁচ যুৱক ৷ ভোকাতুৰ লোকসকলৰ মাজত বিতৰণ কৰিছে খাদ্য সামগ্ৰী ৷

তিনিচুকীয়াত 5 যুৱকৰ লক্ষ্য ক্ষুধা নিবাৰণ

যুৱকৰ দলটোত আছে ক্ৰমে অসীমজ্যোতি দেউৰী, বিশ্বজিৎ দাস, জীতেন্দ্ৰ যাদৱ, মানস সোণোৱাল আৰু হিমাংশু জয়ছোৱাল । এই 5 যুৱকে সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত পদপথৰ লোকসকলক বিতৰণ কৰে খাদ্য সামগ্ৰী ৷ লগতে বিতৰণ কৰে একোখনকৈ মাস্ক ৷

লগতে পঢ়ক: ধুবুৰী DSP যতীন দাসৰ গ্ৰেপ্তাৰ সন্দৰ্ভত কি ক’লে আনন্দ মিশ্ৰই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.