ETV Bharat / state

তিনিচুকীয়াৰ বানাক্ৰান্তক উচিত সাহায্যৰ দাবী

author img

By

Published : Jun 25, 2020, 10:01 PM IST

Updated : Jun 25, 2020, 11:55 PM IST

বৃস্পতিবাৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণৰ নেতৃত্বত এটা সঁজাতি দলে বানাক্ৰান্ত অঞ্চলৰ আশ্ৰয় শিবিৰ সমূহ পৰিদৰ্শন কৰি বানাক্ৰান্ত লোক সকলৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে যথেষ্ট পৰিমাণে সাহাৰ্য আগবঢ়ায় ৷

Flood in Tinsukia: moran student union demand for relief
তিনিচুকীয়াৰ বানাক্ৰান্তক উচিত সাহায্য প্ৰদানৰ দাবী মৰাণ ছাত্ৰ সন্থাৰ

তিনিচুকীয়া, 25 জুন : বিগত দুদিন ধৰি হোৱা মূষলধাৰ বৰষুণৰ ফলত ৰাজ্যত বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ তিনিচুকীয়া জিলাতো বান পৰিস্থিতিয়ে লৈছে সংহাৰী ৰূপ ৷ জিলাখনৰ বিভিন্ন প্ৰান্তত জলমগ্ন হৈছে বহু অঞ্চলৰ ঘৰ দুৱাৰ ৷ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল ৷ যাৰ বাবে বহু লোকে আশ্ৰয় শিবিৰত দিন কটাবলগীয়া লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বৃস্পতিবাৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণৰ নেতৃত্বত এটা সঁজাতি দলে বানাক্ৰান্ত অঞ্চলৰ আশ্ৰয় শিবিৰ সমূহ পৰিদৰ্শন কৰি বানাক্ৰান্ত লোক সকলৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে যথেষ্ট পৰিমাণে সাহায্য আগবঢ়ায় ৷

শিবিৰ সমুহ পৰিদৰ্শন কৰি আশ্ৰয় শিবিৰৰ লোক সকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে পৰ্যাপ্ত পৰিমাণে খাদ্য সামগ্ৰী নোপোৱাৰ কথা উল্লেখ কৰে অৰুণজ্যোতি মৰাণে ৷ তেওঁলোকক পৰ্যাপ্ত পৰিমাণে সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে পশু খাদ্য যোগান ধৰিবলৈও চৰকাৰক দাবী জনাইছে মৰাণ ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে ৷ ইয়াৰ ওপৰিও প্ৰতি বছৰে হৈ থকা বান পৰিস্থিতিক স্থায়ী ভাৱে সমাধান কৰিবলৈ চৰকাৰ দাবী জনাইছে ছাত্ৰ নেতা গৰাকীয়ে ৷

লগতে পঢ়কঃ ডিব্ৰুগড়ত কৃত্ৰিম বানৰ ভয়াৱহ ৰূপ: বৃদ্ধি পাইছে জলস্তৰ

Last Updated : Jun 25, 2020, 11:55 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.