তিনিচুকীয়া, 2 মেঃ বাৰিষাৰ আৰম্ভণিৰে ৰাজ্যত বানে চিঙিলে নদীবান্ধ ৷ বিগত দুই তিনিদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত বানে উটুৱাই নিয়ে অসম অৰুণাচল সীমান্তৰ ডিৰাক চুমনি বান্ধ ৷
বৰষুণৰ ফলত ফেনেফুটুকাৰে বাঢ়ি অহা লোহিত আৰু ন-দিহিং নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে বান্ধটো ৷ ডিৰাক চুমনিৰ পুৰণি বান্ধটো চিঙি পেলোৱাৰ ফলত আতংকিত হৈ পৰিছে অসম-অৰুণাচল সীমান্তৱৰ্তী ডিৰাক,কচুটোপ গাঁৱৰ ৰাইজ ৷ গাঁও কেইখনত বানপানীৰ আংশকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷