ETV Bharat / state

কুণ্ডিল নদীৰ বাঢ়নী পানীত তীব্ৰ খহনীয়া 37 নং ৰাষ্ট্ৰীয় ঘাইপথত

কুণ্ডিল নদীৰ জলপৃষ্ঠ উফন্দি উঠাৰ বাবে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ খহনীয়াৰ সৃষ্টি হৈছে ৷ সমান্তৰালভাবে কুণ্ডিল নদীৰ আঠমাইলৰ ওপৰত থকা অসম-অৰুনাচল সংযোগী ৩৭ নং ঘাইপথৰ কুণ্ডিল দলংখন পানীৰ প্ৰৱল সোঁতে উটুৱাই লৈ যোৱাৰ উপক্ৰম হৈছে ৷ বিধায়ক বলিন চেতিয়াই কোনো ধৰণৰ কাম কাজ হাতত নোলোৱাৰ বাবে এনে অৱস্থাৰ সৃষ্টি হোৱা বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ৷

author img

By

Published : Jul 26, 2020, 5:37 PM IST

Updated : Jul 26, 2020, 10:45 PM IST

FLOOD AFFECTED AREA IN ASSAM TINSUKIA
কুণ্ডিল নদীৰ বাঢ়নী পানীত তীব্ৰ খহনীয়া 37 নং ৰাষ্ট্ৰীয় ঘাইপথ

শদিয়া, 26 জুলাই, এফালে ক'ভিড-19 আৰু আনফালে বানপানীৰ তাণ্ডবে জুৰুলা কৰিছে অসমবাসীক ৷ নেৰানেপেৰা বৰষুণৰ ফলত নৈ-উপনৈৰ জলপৃষ্ট উফন্দি উঠাৰ ফলত বুৰাই পেলাইছে ৰাজ্যৰ প্ৰায় 28 খন জিলা ৷ উজনি অসমৰ তিনিচুকীয়া জিলাখনো ইতিমধ্যে পানীৰ কবলত পৰিছে ৷ কুণ্ডিল নদীৰ জলপৃষ্ঠ উফন্দি উঠাৰ বাবে বুৰাই পেলাইছে জিলাখনৰ বিস্তৰ অঞ্চল ৷

শেহতীয়াকৈ কুণ্ডিল নদীৰ জলপৃষ্ঠ উফন্দি উঠাৰ বাবে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ খহনীয়াৰ সৃষ্টি হৈছে ৷ সমান্তৰালভাবে কুণ্ডিল নদীৰ আঠমাইলৰ ওপৰত থকা অসম-অৰুনাচল সংযোগী ৩৭ নং ঘাইপথৰ কুণ্ডিল দলংখন পানীৰ প্ৰৱল সোঁতে উটুৱাই লৈ যোৱাৰ উপক্ৰম হৈছে ৷

ৰাইজৰ অভিয়োগ অনুসৰি, শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াই কোনো ধৰণৰ কাম কাজ হাতত নোলোৱাৰ বাবে এনে অৱস্থাৰ সৃষ্টি হোৱা বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ৷ নিৰ্বাচনৰ সময়ত ভোট বিচাৰি ৰাইজৰ কাষলৈ যোৱা বিধায়ক গৰাকীয়ে নিৰ্বাচনৰ পিচত ৰাইজৰ সমস্যাক আওকাণ কৰাৰ অভিযোগ উখাপন হৈছে ৷ গতিকে, অনতিপলমে স্থানীয় ৰাইজে উক্ত সমস্যা সমূহ সমাধান কৰাৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে ৷

লগতে পঢ়ক : বৰপেটা জিলা কাৰাগাৰৰ 14 গৰাকী কাৰাবন্দী ক’ভিড পজিটিভ

Last Updated : Jul 26, 2020, 10:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.