তিনিচুকীয়া,10মাৰ্চ:বুধবাৰে পুৱাই তিনিচুকীয়াৰ মাকুমত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ মাকুম চহৰৰ মাজমজিয়াত জগদীশ নামৰ এজন লোকৰ গেলামালৰ দোকানত সংঘটিত হয় অগ্নিকাণ্ড ৷ বৈদ্যুতিক শ্ব'ৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷
ইপিনে,পৰৱৰ্তী সময়ত কেবাখনো দোকানলৈ এই জুই বিয়পি পৰে প্ৰায় 8-10খন দোকানলৈও ৷ আনহাতে তিনিচুকীয়া,ডিগবৈ,দুলীয়াজানৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ ইফালে এই অগ্নিকাণ্ডৰ ফলত জাহ যায় প্ৰায় লক্ষাধিক টকাৰ সম্পত্তি ৷
লগতে পঢ়কঃAIUDF শূণ্য হ'ল দক্ষিণ শালমাৰা