তিনিচুকীয়া, 23 এপ্ৰিল: অৱশেষত আৰক্ষীৰ জালত পৰিল বিগত কেইবাদিন ধৰি তিনিচুকীয়াৰ বিভিন্ন স্থানত আৰক্ষীৰ পোচাক পৰিধান কৰি পথচাৰীক হাৰাশাস্তি কৰা চাৰি ভুৱা আৰক্ষী ৷ মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশজুৰি লক ডাউন চলি থকাৰ সময়তে তিনিচুকীয়াৰ বিভিন্ন স্থানত আৰক্ষীৰ পোচাক পৰিধান কৰি পথচাৰীক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছিল আৰক্ষী ৰূপী এই চাৰি যুৱকে ৷ আটকাধীন যুৱককেইজন ক্ৰমে ইটাখুলি চাহ বাগিচাৰ জয়ন্ত তাঁতী,বৰগুৰি জানমুখৰ ললিত ৰয়,মহাকালীৰ শিভা গুঞ্জু আৰু বাহাদুৰ চাৰিআলিৰ চচীন ৰজক বুলি জনাইছে আৰক্ষীয়ে ৷
![Fake Police Arrested at Tinsukia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6911078_328_6911078_1587643505351.png)
উল্লেখ্য যে,আটকাধীন যুৱক কেইজনৰ বিৰুদ্ধে তিনিচুকীয়া সদৰ আৰক্ষী থানাত 521/20 U/S 188/419/392/323/34 ধাৰাত গোচৰ ৰুজু কৰা হয় ৷ ইয়াৰ পাছতে জেল হাজোতলৈ প্ৰেৰণ কৰা হয় আটাইকেইজন আটকাধীন যুৱকক ৷ জানিব পৰা মতে চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত হৈ আছিল চাৰিওজন যুৱক ৷ যুৱক কেইজনৰ পৰা উদ্ধাৰ কৰা হয় কেইবাযোৰো আৰক্ষীৰ পোচাক ৷
লগতে পঢ়কঃ শীঘ্ৰেই ৰাজ্যৰ কৃষকে পাব ট্ৰেক্টৰ, পাৱাৰটিলাৰঃ অতুল বৰা