ETV Bharat / state

কাকপথাৰত সাংবাদিকক আটক - inter district transportation close

কাকপথাৰত গাড়ীত প্ৰেছ লিখি ঘুৰি ফুৰা ফেচবুকৰ পেজৰ সাংবাদিকক আটক । কাকপথাৰ প্ৰেছ ক্লাৱৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে সাংবাদিক বুলি পৰিচয় দিয়া যুৱকজনক আটক কৰাৰ লগতে জব্দ কৰে এখন বাহন ।

reporter
কাকপথাৰত ফেচবুক পেজৰ সাংবাদিকক আটক
author img

By

Published : Jun 4, 2021, 9:44 PM IST

শদিয়া, ৪ জুন : ৰাজ্যত এতিয়া বৃদ্ধি পাবলৈ ধৰিছে একাংশ ভুৱা সাংবাদিকৰ দপদপনি । একাংশ লোকে ফেচবুক পেজ একোটা খুলিয়ে সাংবাদিক বুলি কৈ ঘুৰি ফুৰা দেখা গৈছে । আনকি সেই ভুৱা সাংবাদিকসকলে অসামাজিক কামত লিপ্ত হোৱাৰো বহু অভিযোগ উত্থাপন হৈছে ।

এইবাৰ কাকপথাৰত আটক এটা ফেচবুক পেজৰ সাংবাদিক । কাকপথাৰ প্ৰেছ ক্লাৱৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে তথাকথিত সাংবাদিক জনক । বৰুণ বাচাক নামৰ যুৱকজনে নিজৰ বাহনখনত প্ৰেছ লিখি সান্ধ্য আইনৰ সময়চোৱাতো ঘুৰি ফুৰা প্ৰত্যক্ষ কৰিছিল অঞ্চলটোৰ সাংবাদিকসকলে । মৰিয়নিৰ যুৱকজনে কেনেদৰে সান্ধ্য আইনৰ সময়চোৱাত আন্তঃজিলা যাতায়াত বন্ধ থকা আন এখন জিলাৰ পৰা আহিলে তাকলৈও প্ৰশ্ন তুলিছে একাংশ সাংবাদিকে ।

কাকপথাৰত ফেচবুক পেজৰ সাংবাদিকক আটক

উল্লেখ্য যে, কাকপথাৰত প্ৰেছ লিখা গাড়ী, স্কুটিৰে কনডেনছেট সৰবৰাহ হৈ থকা বুলি চ'ছিয়েল মিডিয়াত ব্যাপক প্ৰচাৰ হোৱাৰ পিছতে কাকপথাৰ আৰক্ষী থানাত উক্ত বিষয়টো তদন্তৰ বাবে পত্ৰ প্ৰেৰণ কৰিছিল কাকপথাৰ প্ৰেছ ক্লাৱে ৷ তাৰ পিছ মূহুৰ্ততে শুকুৰবাৰে এনেদেৰে নামধাৰী সাংবাদিকক আটক কৰে আৰক্ষীয়ে ৷

ইতিমধ্য কাকপথাৰ আৰক্ষীয়ে AS-০১-AQ-৬৬৮৭ নম্বৰৰ গাড়ীখন জব্দ কৰাৰ লগতে যুৱকজনক আটক কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । ইফালে এটা সাধাৰণ ফেচবুক পেজে কেনেদৰে সাংবাদিকৰ পৰিচয় পত্ৰ প্ৰদান কৰিলে সেইয়াও এক ৰহস্যজনক বিষয় হৈ পৰিছে ৷

লগতে পঢ়ক:আৰম্ভ হ'ল কাগজ কলৰ নিলাম প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.