নিউজ ডেস্ক, ৩ ছেপ্টেম্বৰ: বাল্যবিবাহৰ বিৰুদ্ধে ৰাজ্যত প্ৰতি ছমাহৰ মূৰে মূৰে ব্যাপক অভিযান চলিব ৷ চলিত মাহৰ শেষৰফালে বাল্যবিবাহৰ বিৰুদ্ধে পৰৱৰ্তী অভিযান চলিব ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে তিনিচুকীয়াত ঘোষণা কৰে এই কথা ৷ অসম আৰক্ষীয়ে এই ক্ষেত্ৰত নিজৰ কাম কৰি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই অভিযানৰ সময়ত বৃহৎ সংখ্যাক লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে ৷ তেওঁ লগতে ২০২৬ চনৰ ভিতৰত অসমৰ পৰা বাল্যবিবাহ নামৰ মহামাৰী নাইকীয়া হ’ব বুলি আশা ব্যক্ত কৰে ।
উল্লেখ্য যে, চলিত বৰ্যৰ মাৰ্চ মাহত অসম বিধানসভাত কংগ্ৰেছ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ প্ৰশ্নোত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই বাল্যবিবাহৰ অন্ত পেলাবলৈ চৰকাৰে ধাৰাবাহিকভাৱে পদক্ষেপ গ্ৰহণ কৰাৰ কথা সদৰী কৰি এই মহামাৰীৰ অন্ত পেলাবলৈ চৰকাৰে কঠোৰ পদক্ষেপ ল'ব বুলি উল্লেখ কৰিছিল ৷ তেওঁ লগতে ২০২৬ চনৰ ভিতৰত অসমত বাল্যবিবাহ নাইকীয়া হ’ব বুলিও ঘোষণা কৰিছিল ৷ ইয়াৰ পাচৰে পৰা চৰকাৰে ব্যল্যবিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷
মুখ্যমন্ত্ৰীয়ে বাল্যবিবাহৰ বিৰোধী অভিযানৰ বাবে চৰকাৰে ২০০ কোটি টকা ধাৰ্য কৰাৰ কথা জানিবলৈ দিয়ে ৷ এই পুঁজিৰ জৰিয়তে চৰকাৰে বাল্যবিবাহৰ প্ৰতিটো ক্ষেত্ৰতে এজন বিশেষ অধিবক্তা নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে । ইয়াৰ দ্বাৰা চৰকাৰে দোষী ব্যক্তি যাতে সাৰি যাব নোৱাৰে সেয়া নিশ্চিত কৰিব বিচাৰে ৷ তেওঁ লগতে বাল্যবিবাহৰ বিৰুদ্ধে প্ৰতি ২-৩ মাহৰ মূৰে মূৰে অভিযান চলাই অভিযুক্ত ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ কথা জানিবলৈ দিয়ে । মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে এটা হেল্পলাইন নম্বৰো মুকলি কৰাৰ কথা সদৰী কৰে ৷
ইফালে এতিয়ালৈকে ৯০০ ব্যক্তিৰ বিৰুদ্ধে চাৰ্জচিট দাখিল কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে । তেওঁ এই ক্ষেত্ৰত আইন অনুসৰি কাম কৰাৰ লগতে জনসাধাৰণ মাজত সজাগ সৃষ্টি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ উল্লেখ কৰে । চৰকাৰে বিনামূলীয়াকৈ বৃত্তি, শিক্ষা, চাউল আৰু খাদ্য শস্যৰ যোগানৰ জৰিয়তে ভুক্তভোগীসকলৰ সঠিক পুনৰ্বাসন সুনিশ্চিত কৰাৰ বাবে কাম কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ।
উল্লেখ্য যে, "ৰাজ্য চৰকাৰৰ তথ্য মতে, ২০১৭ চনত ৰাজ্যখনত শিশু বিবাহ নিষেধাজ্ঞা আইন, ২০০৬, ২০১৬ৰ অধীনত ৫০ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল । আনহাতে ২০১৮ চনত ১০৬ জন, ২০১৯ চনত ১৫৬ জন, ২০২০ চনত ২১৬ জন, ২০২১ চনত ১৬৬ জন, ২০২২ চনত ২৫৭ জন আৰু চলিত বৰ্ষৰ প্ৰথম দুমাহত ৩,০৯৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।
লগতে পঢ়ক: Himanta Biswa Sarma: বয়সটো ঠিক থাকিলে স্ব-ইচ্ছাই কোনোবাই ধৰ্ম সলনি কৰিব পাৰে; মুখ্যমন্ত্রী