ETV Bharat / state

Special Railway Junction : প্লেটফৰ্ম নথকা এটা ৰে'ল জংচন, য'ত ৰখোৱা নহয় কোনো ৰে'ল - Special Railway Junction

অসমৰ তিনিচুকীয়াত আছে এই বিশেষ ৰে'ল জংচনটো (Unique railway junction in India)। ভাৰতৰ ভিতৰতে এইটো এটা ব্যতিক্ৰমী আৰু একমাত্ৰ ৰে'ল জংচন য'ত ৰে'ল নৰখাই বা প্লেটফৰ্ম নাই । কিন্তু ৰে'ল জংচনটোৰ বিশেষত্ব কি ?

Special Railway Junction
প্লেটফৰ্ম নথকা এটা ৰে'ল জংচন
author img

By

Published : Feb 14, 2023, 6:19 PM IST

প্লেটফৰ্ম নথকা এটা ৰে'ল জংচন

তিনিচুকীয়া, ১৪ ফেব্ৰুৱাৰী : আপুনি নিশ্চয় ৰে'লৱে জংচন নতুবা ষ্টেচন দেখিছে । আপোনাৰ ওচৰতো হয়টো আছে তেনে সৰু বৰ ৰে'লৱে জংচন বা ষ্টেচন । সাধাৰণতে আমি জানো যে এটা ৰে'লৱে জংচন বা ষ্টেচনত ৰে'লবোৰ ৰখোৱা হয় আৰু সেই স্থানতেই যাত্ৰীসকলে ৰে'লত উঠা নমা কৰে । সেই স্থানতেই ৰে'লৰ টিকট ক্ৰয় কৰাৰ লগতে প্লেটফৰ্মত থাকে অনেক সুবিধা ৷

কিন্তু আজি আমি দেখুৱাম এটা ব্যতিক্ৰম জংচন । য'ত কোনো ৰে'ল ৰখোৱা নহয়, নাই কোনো প্লেটফৰ্ম, নাই কোনো টিকট কাউণ্টাৰ, নাই কোনো বিনামূলীয়া সুবিধা ৷ আচৰিত যেন লাগিলেও ভাৰতৰ ভিতৰতে মাত্ৰ এটাই আছে এনে জংচন (Exceptional railway junction in India)। একমাত্ৰ জংচনটো অসমৰ তিনিচুকীয়াত আছে । য'ত কেতিয়াও ৰে'ল ৰখোৱা নহয় আৰু তাত যাত্ৰীসকলেও ৰে'লত উঠা নমা কৰিব নোৱাৰে ।

বাণিজ্যিক চহৰ তিনিচুকীয়াৰ গাতে লাগি থকা ভাৰতবৰ্ষৰ একমাত্ৰ ব্যতিক্ৰম ৰে'লৱে জংচনটোৰ নাম শ্ৰীপুৰীয়া গাঁও ৰে'লৱে জংচন (Sripuria Gaon JN)৷ উক্ত ৰে'লৱে জংচনটোৰ কোড হৈছে 'SPJN' ৷ জংচনটোত ষ্টেচন মাষ্টাৰকে ধৰি ৩-৫ গৰাকী কৰ্মচাৰী থাকে ৷ জংচনটোত কোনো ৰে'ল নৰখাই যদিও প্ৰতিটো মুহূৰ্ততে ব্যস্ত থাকিব লগা হয় কৰ্মচাৰীসকল ৷ বলীউডৰ অভিনেতা অমিতাভ বচ্চনৰ কৌন বনেগা কৌড়োৰপতি শীৰ্ষক অনুষ্ঠানৰ প্ৰশ্নত স্থান পাইছিল এই জংচনটোৱে ৷

শ্ৰীপুৰীয়া গাঁও ৰে'লৱে জংচনটোৰ পৰা হিজুগুৰিত অৱস্থিত নিউ তিনিচুকীয়া ৰে'লৱে ষ্টেচনৰ মাজৰ দূৰত্ব মাত্ৰ ৭-৮ মিনিটৰ ৷ এই জংচনটোৰে দিনটোত যাত্ৰীবাহীকে আদি কৰি ৰাজধানী এক্সপ্ৰেছ পৰ্যন্ত সকলো ধৰণৰ ৰে'ল চলাচল কৰে । সেয়ে কোনো প্লেটফৰ্ম বা টিকট কাউণ্টাৰ নাথাকিলেও সদাব্যস্ত এই শ্ৰীপুৰীয়া গাঁও ৰে'লৱে জংচনটো অতি গুৰুত্বপূৰ্ণ জংচন (Indias unique railway junction in Assam)৷

শ্ৰীপুৰীয়া গাঁও ৰে'লৱে জংচনটোৱে ডিব্ৰুগড়-নিউ তিনিচুকীয়া ৰে'লৱে ষ্টেচন আৰু পুৰণি তিনিচুকীয়া ৰে'লৱে ষ্টেচন-ডিগবৈ-মাৰ্ঘেৰিটা-লিডুৰ ৰে'লৱে লাইনক সংযুক্ত কৰিছে ৷ এই ৰে'লৱে জংচনটোৰ ওপৰতেই নিৰ্ভৰ কৰিব যে, দিল্লী-গুৱাহাটী দিশৰ পৰা অহা ৰে'লখন নিউ তিনিচুকীয়া ৰে'লৱে ষ্টেচন হৈ ডিব্ৰুগড়লৈ যাব নে পুৰণি তিনিচুকীয়া ৰে'লৱে ষ্টেচন হৈ মাৰ্ঘেৰিটা-লিডুলৈ যাব ৷

এই শ্ৰীপুৰীয়া গাঁও ৰে'লৱে জংচনটোৰ পৰা যিহেতু নিউ তিনিচুকীয়া ৰে'লৱে ষ্টেচনলৈ দূৰত্ব মাত্ৰ ৭ কিলোমিটাৰ আৰু তিনিচুকীয়া ৰে'লৱে ষ্টেচনলৈ মাত্ৰ দূৰত্ব ৪.৬ কিলমিটাৰ, সম্ভৱত সেইকাৰণেই এই জংচনটোত কোনো ৰে'ল ৰখোৱাটো প্ৰয়োজনবোধ কৰা নাই যিটো কাৰণে কোনো প্লেটফৰ্মৰ লগতে টিকট কাউণ্টাৰো নাই (Unique railway junction without platform)৷

উল্লেখ্য যে, বিশেষ ৰে'লৱে জংচনটোলৈ কৰ্মচাৰীৰ লগতে যিকোনো লোক যাবলৈ কোনো সু-ব্যৱস্থা নাই ৷ জংচনটোলৈ পথৰ সুবিধা নথকাৰ বাবে কৰ্মচাৰীসকলে প্ৰায় আধা কিলোমিটাৰ দূৰত্বত যান-বাহন ৰাখি ৰে'লৱে লাইনৰ ওপৰেৰে খোজকাঢ়ি যাত্ৰা কৰিব লাগে ৷ সেয়ে ভাৰতৰ ভিতৰতে ব্যতিক্ৰমী ৰে'লৱে জংচনটোৰ কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধানৰ বাবে আহ্বান জনায় ভুক্তভোগী কৰ্মচাৰীসকলে ।

লগতে পঢ়ক:Jakhalabandha Dog story : গৰাকীৰ প্ৰতিটো নিৰ্দেশ পালন কৰা জখলাবন্ধাৰ টাইগাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.