ETV Bharat / state

আলফাৰ শ্বহীদ পৰিয়ালে জিতেন দত্তক জনালে প্ৰত্যাহ্বান - Tinsukia

আলোচনাপন্থী আলফা নেতা জিতেন দত্ত আৰু বিপ্লব জ্যোতি মোহনৰ মাজত চলি থকা অভিযোগ-প্ৰতি অভিযোগৰ মাজতে ঘটিছে এটা ভয়ংকৰ কাণ্ড ।ভুৱা একাউণ্টেৰে ফেচবুকত জিতেন দত্তৰ বিৰুদ্ধে বিভিন্ন অভিযোগ অনাৰ চেষ্টা কোনো এক চক্ৰৰ ৷ ইতিমধ্যে ভুৱা একাউণ্টেৰে ফেচবুকত দিয়া এই প’ষ্টৰ বিৰুদ্ধে সৰব হৈছে জীতেন দত্ত ।

ফেচবুকত fake একাউণ্টত জিতেন দত্তৰ বিৰুদ্ধে  বিভিন্ন অভিযোগ
ভুৱা একাউণ্টেৰে ফেচবুকত দিয়া প’ষ্টৰ বিৰুদ্ধে সৰব জীতেন দত্ত
author img

By

Published : Sep 29, 2020, 9:34 PM IST

Updated : Sep 29, 2020, 10:13 PM IST

তিনিচুকীয়া, 29 ছেপ্তেম্বৰ: প্ৰায় কেইবামহো ধৰি সামাজিক মাধ্যম ফেচবুকত জিতেন দত্ত আৰু বিপ্লব জ্যোতি মোহনৰ অভিযোগ আৰু প্ৰতি অভিযোগ চলি থকাৰ সময়তে বিপ্লৱ জ্যোতি মোহনে সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে আলোচনাপন্থী আলফা নেতা জিতেন দত্তৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনিছিল আৰু তেওঁক প্ৰত্যাহ্বান জনাইছিল যে জিতেন দত্ত সতীৰ্থ হত্যা, চোৰাং তেলৰ বেহা আৰু বিভিন্ন অসমাজিক কাৰ্যকলাপত লিপ্ত থকা বুলি। ইয়াৰ পাছতে আলোচনাপন্থী আলফা নেতা জিতেন দত্তই সামাজিক মাধ্যমতে প’ষ্ট লিখি উল্লেখ কৰিছিল যে, তেওঁ এই বিতৰ্কত নোসোমাই সামাজিক মাধ্যমৰ পৰা আঁতৰি থাকিব । আনহাতে বিভিন্ন সংবাদ মাধ্যমত জিতেন দত্তৰ বিৰুদ্ধে বিপ্লৱ জ্যোতি মোহনে অনা অভিযোগৰ বাতৰি সম্প্ৰচাৰ হৈছিল ।

ইফালে অভিযোগ আৰু প্ৰতি অভিযোগৰ মাজতে আলোচনাপন্থী আলফা নেতা জিতেন দত্তই ফেচবুক প’ষ্টৰ জৰিয়তে জনাইছিল যে, সতীৰ্থ হত্যাৰ অভিযোগ তথা বিভিন্ন অসামাজিক কামত জিতেন দত্ত জড়িত কৰি অনা অভিযোগবোৰ ভিত্তিহীন আৰু লগতে দত্তই বিপ্লৱ জ্যোতি মোহনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰা বুলি উল্লেখ কৰিছিল প’ষ্টটোত।

ফেচবুকত fake একাউণ্টত জিতেন দত্তৰ বিৰুদ্ধে  বিভিন্ন অভিযোগ
ভুৱা একাউণ্টেৰে ফেচবুকত দিয়া প’ষ্টৰ বিৰুদ্ধে সৰব জীতেন দত্ত
কিন্তু বিপ্লৱ জ্যোতি মোহন আৰু জিতেন দত্তৰ মাজত অভিযোগ প্ৰতি অভিযোগ চলি থকাৰ মাজতে এই প্ৰসংগত সামাজিক মাধ্যমত ঘটিছে আন এক কাণ্ড। য’ত ৰথীষ নায়াৰ নামৰ এজন ব্যক্তিৰ ফটো ব্যৱহাৰ কৰি বিপ্লৱ জ্যোতি মোহন নামেৰে এটা ভুৱা একাউণ্ট খুলি ফেচবুকত জিতেন দত্তৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছিল। এয়াৰ মাজতে ৰথীষ নায়াৰ নামৰ ব্যক্তিজনে নিজৰ ফেচবুক একাউণ্টৰ ৱালত এটা প’ষ্টৰে উল্লেখ কৰিলে যে, কোনো লোকে তেওঁৰ ফটো ব্যৱহাৰ কৰি বিপ্লৱ জ্যোতি মোহন নামেৰে এটা ভুৱা একাউণ্ট আৰু পেজ খুলি বিভিন্ন প’ষ্ট কৰি আহিছে।

আনহাতে প্ৰতি অভিযোগত উল্লেখিত বিষয় প্ৰসংগত যোৱা ২৭ছেপ্টেম্বৰত তিনিচুকীয়া জিলাৰ আলফাৰ শ্বহীদ পৰিয়ালৰ একাংশ সদস্যই তালাপ কৰ্দৈগুৰি অঞ্চলত এখন সভাৰ আয়োজন কৰে । এই সভাতে জিতেন দত্তৰ ওপৰত উঠা সতীৰ্থ হত্যাকে আদি কৰি অন্যান্য অভিযোগ সমূহৰ সত্যতা বিচাৰি আলফাৰ শ্বহীদ পৰিয়ালে ৪অক্টোবৰত কাকপথাৰ ৰাজহুৱা খেল পথাৰ প্ৰাংগনত এখনি ৰাইজ মেল আহ্বান কৰিছে। ৰাইজ মেলখনতৈ ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ সকলো শ্বহীদ পৰিয়াল, বিশিষ্ট ব্যক্তি, বুদ্ধিজীৱী, সাহিত্যিক, বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠন নিৰ্বিশেষে অসমৰ জনগণক এখন গোহাৰিৰে আহ্বান জনাইছে আলফাৰ শ্বহীদ পৰিয়ালৰ সদস্যই । সভাখনত আলফাৰ আলোচনাপন্থী কেন্দ্রীয় সমিতিৰ বিষয়ববীয়াকে ধৰি জিতেন দত্ত, প্ৰবাল নেওগ, মৃনাল হাজৰিকা, বিজয় চাইনীজ, জোন ভূঞাকে আদি কৰি সকলে আলোচনাপন্থী আলফাক উপস্থিত থাকিবলৈ জনাইছে আহ্বান।

লগতে পঢ়ক : অনিৰ্দিষ্ট কাললৈ বন্ধ বৈঠালাংছ'ৰ কাৰ্বি লাংপি প্ৰকল্পৰ বিদ্যুৎ উৎপাদন

Last Updated : Sep 29, 2020, 10:13 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.