ETV Bharat / state

বৰফাকিয়াল গাঁৱক গৰাখহনীয়াৰ পৰা উদ্ধাৰৰ কৰিব পাৰিবনে বিধায়কে

author img

By

Published : May 8, 2020, 7:48 PM IST

অস্তিত্বৰ সংকটত ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ কেটেতং গাওঁ পঞ্চায়তৰ অন্তৰ্গত বৰফাকিয়াল গাঁও ৷ তিনিশ বছৰৰো অধিক পুৰণি গাওঁখনৰ এক বৃহৎ ভূমিখণ্ড জাহ গৈছে বুঢ়ীদিহিং নদীৰ প্ৰৱল গৰাখহনীয়াত । যাৰ বাবে সৰ্বস্বান্ত হৈ সিংহভাগ পৰিয়ালেই গাওঁ এৰি অন্য স্থানলৈ স্থানান্তৰিত হৈছে । ইফালে বিধায়ক ভাস্কৰ শৰ্মাই গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব বুলি আশ্বাস দিছে ৰাইজক ৷

erosion on burhi dihing river mla make promises to solve this problem soon
বৰফাকিয়াল গাঁৱক গৰাখহনীয়াৰ পৰা উদ্ধাৰৰ কৰাৰ আশ্বাস বিধায়ক ভাস্কৰ শৰ্মাৰ

মাৰ্ঘেৰিটা,8 মে'ঃ ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ কেটেতং গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰফাকিয়াল গাঁও খন প্ৰায় অস্তিত্বৰ সংকটত । তিনিশ বছৰৰো অধিক পুৰণি এই গাঁওখনৰ এক বৃহৎ ভূমিখণ্ড বুঢ়ীদিহিং নদীৰ প্ৰৱল গৰাখহনীয়াত জাহ গৈছে । যাৰ বাবে সৰ্বস্বান্ত হৈ বেছিভাগ পৰিয়ালেই গাঁও এৰি অন্য স্থানলৈ স্থানান্তৰিত হৈছে । এনে সময়তে শুকুৰবাৰে এক বিশেষ কাৰ্যসূচীত উপস্থিত হোৱা বিধায়ক ভাস্কৰ শৰ্মাই গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে ।

গৰাখহনীয়া প্ৰতিৰোধৰ বাবে নদীৰ গতি সলনিৰ দৰে প্ৰচেষ্টা লৈছিল স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই । লগতে কৰা হৈছিল পাৰ্কুপাইনৰ ব্যৱস্থাও । কিন্তু ইমানৰ পাছতো প্ৰৱল ৰূপত অব্যাহত আছে গৰাখহনীয়া । তিনিশ বছৰৰ পূৰ্বে ব্ৰহ্ম দেশৰ পৰা অহা পিয়েতুন চেয়াডু নামৰ এজন বৌদ্ধ ধৰ্ম প্ৰচাৰকে এটি বৌদ্ধ মন্দিৰ প্ৰতিষ্ঠা কৰিছিল । গৰাখহনীয়াই এই মন্দিৰটোও প্ৰায় স্পৰ্শ কৰাৰ পৰ্যায়ত । টাইফাকে লোকৰ বসতিস্থল উক্ত গাঁওখনত থকা মন্দিৰটোৰ পুৰণি বৌদ্ধ মূৰ্তি বৰ্তমানেও শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষিত । কিন্ত এই পুৰণি মন্দিৰটোক ঢুকি পোৱা নাই চৰকাৰী কোনো আঁচনি বা শেহতীয়াকৈ ৰূপায়ণ কৰা অসম দৰ্শন আঁচনিয়ে । বিধায়ক শৰ্মাই বৌদ্ধ মন্দিৰটোৰ আন্তঃ গাঁঠনিৰ বাবেও পুঁজি আৱন্টন দিব বুলি প্ৰকাশ কৰে । উল্লেখযোগ্য যে, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই অলপতে এই গাওঁ পৰিদৰ্শন কৰি গৰাখহনীয়া সমস্যাৰ বুজ লোৱাৰ লগতে ঐতিহ্যমণ্ডিত গাওঁখন ৰক্ষা কৰিবলৈ দাবী জনাইছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.