ETV Bharat / state

মাৰ্ঘেৰিটাত বন্যহস্তীৰ কৰুণ মৃত্যু - Elephant death latest news

শনিবাৰে নিশা এটা ৩ জনীয়া বন্যহস্তীৰ দলে অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত মাকুম পথাৰ অঞ্চলৰ চিমা পথাৰ এলেকাত নামি আহিছিল ৷ ইয়াৰ পাছতে দেওবাৰে পুৱা অঞ্চলটোত স্থানীয় ৰাইজে এটা মখনা হাতী মৃত অৱস্থাত প্ৰত্যক্ষ কৰে ।

Margherita
মাৰ্ঘেৰিটা
author img

By

Published : Aug 30, 2020, 1:41 PM IST

মাৰ্ঘেৰিটা, 30 আগষ্টঃ মাৰ্ঘেৰিটা চিমা পথাৰত বন্যহস্তীৰ কৰুণ মৃত্যু । জানিব পৰা মতে, দীৰ্ঘদিনে চিমা পথাৰ অঞ্চলত কেবাটাও বন্যহস্তীয়ে সন্ত্ৰাস চলাই আহিছে ৷ শনিবাৰে নিশা এটা ৩ জনীয়া বন্যহস্তীৰ দলে অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত মাকুম পথাৰ অঞ্চলৰ চিমা পথাৰ এলেকাত নামি আহিছিল ৷ ইয়াৰ পাছতে দেওবাৰে পুৱা অঞ্চলটোত স্থানীয় ৰাইজে এটা মখনা হাতী মৃত অৱস্থাত প্ৰত্যক্ষ কৰে ।

লগতে পঢ়কঃ বিজেপি সংখ্যালঘু মৰ্চাৰ জিলা সভাপতিক দলবদ্ধ আক্ৰমণ

লগে লগে বন বিভাগক খবৰ দিয়াত উক্ত স্থানত বন বিভাগৰ লোক উপস্থিতি হোৱা বুলি জানিব পৰা গৈছে ৷ আনহাতে খাদ্যৰ সন্ধানত অহা বনৰীয়া হাতীটোক কোনো লোকে বিদ্যুতৰ তাঁ‌ৰ পুতি হত্যা কৰা বুলি একাংশ ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । ইতিমধ্যে বন বিভাগৰ লোকে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.