তিনিচুকীয়া, 3 ফেব্ৰুৱাৰী : বুধবাৰে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ আহ্বান মৰ্মে কো-অৰ্ডিনেচন কমিটি অৱ এলেক্টিচিটি এমপ্লইজ, ইঞ্জিনীয়াৰ্চ এণ্ড পেঞ্চনাৰ্চ আৰু বিদ্যুৎখণ্ড ব্যক্তিগতকৰণ বিৰোধী সংগ্ৰামী যৌথমঞ্চৰ উদ্যোগত তিনিচুকীয়াত এক ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ বিদ্যুৎখণ্ডক ব্যক্তিগতকৰণৰ বিৰোধীতা কৰি তিনিচুকীয়াৰ থাৰ্মেলস্থিত আছাম ষ্টেট পাৱাৰ ৱাৰ্কাছ ইউনিয়নৰ কাৰ্যালয়ত ৰূপায়ন কৰা হয় ২৪ ঘন্টীয়া এই ধৰ্মঘট কাৰ্যসূচী ৷
এই প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থকাৰ লগতে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক নিৰন্ত গোহাঁয়ে অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদস্থলীৰ পৰা সাংবাদিক সম্বোধন কৰি বিদ্যুৎখণ্ড ব্যক্তিগতকৰণৰ বিৰুদ্ধে সৰৱ হৈ অতিশীঘ্ৰে বিদ্যুৎ আইন-২০২০ বাতিল কৰিবলৈ চৰকাৰক দাবী জনায় নিৰন্ত গোহাঁয়ে ।
আনহাতে এ.পি.ডি.চি.এল. তিনিচুকীয়া সংমণ্ডলৰ অভিযন্তা বিতোপন শৰ্মাই প্ৰতিবাদত অংশগ্ৰহণ কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰি বিদ্যুৎ আইন-২০২০ বাতিল কৰিবলৈ চৰকাৰক দাবী জনায়। অন্যথা বিদ্যুৎ আইন-২০২০ বাতিল নকৰিলে পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে বিতোপন শৰ্মায়ে ৷
লগতে পঢ়ক: প্ৰমোদ বড়োৰ বিটিচিত উদ্ধাৰ অবৈধ অস্ত্ৰৰ বৃহৎ ভাণ্ডাৰ