মাৰ্ঘৰিটা,৬ফেব্ৰুৱাৰী: তিনিচুকীয়াৰ এখন গাঁৱৰ ৰাইজৰ এতিয়া আনন্দৰ সীমা নাই । কিয়নো দেশৰ স্বাধীনতাৰ প্ৰায় সাতটা দশকৰ অন্তত গাঁওবাসীয়ে দেখিছে বিজুলীবাতিৰ পোহৰ । অসম-অৰুণাচল সীমান্তৰ ওৰা নামৰ গাঁওখনৰ ৰাইজে দীৰ্ঘদিনৰ পৰা বিজুলী সংযোগৰ বাবে দাবী জনাই আহিছিল যদিও কোনো এখন চৰকাৰে গুৰুত্ব দিয়া নাছিল তেওঁলোকৰ এই দাবী ।
অৱশেষত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ তৎপৰতাত প্ৰধানমন্ত্ৰীৰ সৌভাগ্য় আঁচনিৰ অধীনত বিজুলীবাতিৰ পোহৰ দেখিবলৈ সক্ষম হৈছে গাওঁবাসী । যাৰ বাবে ওৰা গাঁওখনৰ ৰাইজে এতিয়া ধন্য়বাদ জনাইছে স্থানীয় বিধায়ক তথা বিদ্য়ুত বিভাগক ।
লগতে পঢ়ক:পাথাৰকান্দিত বিধায়ক কৃষ্ণেন্দু পালে বিতৰণ কৰিলে চাহ বাগিছা ধন পুৰস্কাৰ