তিনিচুকীয়া, ১৭ অক্টোবৰ : সন্মুখত শাৰদীয় দুৰ্গা পূজা ৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াতো প্ৰস্তুতি তুংগত উঠিছে ৷ বিভিন্ন মণ্ডপ নিৰ্মাণ কৰিছে ভিন্ন ৰূপত । সমান্তৰালভাৱে মণ্ডপসমূহে বিভিন্ন বাৰ্তা ৰাইজৰ মাজত প্ৰচাৰৰ বাবে সাজু হৈছে ৷ তিনিচুকীয়াৰ বিভিন্ন পূজা মণ্ডপতকৈ এক ব্যতিক্ৰম ৰূপ দিছে শ্ৰীপুৰীয়াৰ পূৰ্বাঞ্চল দূৰ্গাপূজা সমিতিয়ে ৷
শ্ৰীপুৰীয়াৰ পূৰ্বাঞ্চল দুৰ্গা পূজা সমিতিয়ে বৰ্তমান সমাজত তথা যুৱ প্ৰজন্মৰ মাজত ব্যাধি ৰূপ লোৱা মাৰাত্মক ড্ৰাগছৰ লগতে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে এক ইতিবাচক বাৰ্তা বিলাবলৈ সাজু হৈছে । মণ্ডপৰ আৰম্ভণিৰে পৰাই হোকা, চিগাৰেট, গাঞ্জা, সুৰা, ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন ছবিৰ জৰিয়তে সমাজক সজাগ কৰাৰ চেষ্টা কৰিছে ৷ এইসমূহ নিচাজাতীয় দ্ৰব্যই এতিয়া সমাজত প্ৰকৃততে কেন্সাৰৰ সৃষ্টি কৰি মৃত্যুৰ মুখলৈ তিলতিলকৈ ঠেলি দিছে ৷ বৃহস্পতিবাৰৰ পৰাই ৰাইজ তথা ভক্তসকলৰ কাৰণে উদ্যোক্তাসকলে শ্ৰীপুৰীয়াৰ এই পূজা মণ্ডপ মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰা হৈছে ।
ইপিনে, তিনিচুকীয়া জিলা প্ৰশাসনে আগন্তুক শাৰদীয় দুৰ্গা পূজা উদযাপন সন্দৰ্ভত পূজা সমিতিসমূহৰ প্ৰতিনিধিৰ সৈতে ইতিমধ্য়ে সভা অনুষ্ঠিত কৰিছে । আয়ুক্ত স্বপ্নীল পালে দুৰ্গোৎসৱ সূচাৰুৰূপে উদযাপন কৰাৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰে । উল্লেখযোগ্য যে পূজা সমিতিসমূহে অনুমতিৰ বাবে "Assam Police Seva Setu" (অসম আৰক্ষী সেৱা সেতু) প'ৰ্টেলৰ জৰিয়তে অনলাইন আবেদন দাখিল কৰিব লাগিব । এইক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হ'লে নিকটৱৰ্তী আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলি আয়ুক্তই আহ্বান জনাইছে । জিলা প্ৰশাসনে নিশা ১০ বজাৰ পিছত অনুভাষ যন্ত্ৰৰ ব্যৱহাৰ বন্ধ কৰাৰ লগতে কোনো মাদক দ্ৰব্যৰ ব্যৱহাৰ ৰোধ কৰিবলৈ পূজা সমিতিসমূহক কেতবোৰ নিৰ্দেশনা দিছে । জিলাখনত আইন-শৃংখলা অটুট ৰখাৰ লগতে সুৰক্ষিত আৰু শৃংখলাবদ্ধ দুৰ্গা পূজা উদযাপনৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে ।
লগতে পঢ়ক :Durga Puja 2023:শাৰদীয় পূজাৰ আয়োজকক তিনিচুকীয়া জিলা প্ৰশাসনৰ নিৰ্দেশনা