ETV Bharat / state

Dumpers carrying sediment seized: গুইজানত অবৈধভাৱে পলস কঢ়িওৱা ডাম্পাৰ জব্দ

পলস খননৰ বিৰুদ্ধে বনবিভাগ আৰু আৰক্ষীৰ অভিযান (Dumpers carrying sediment seized) ৷ অভিযানকালত জব্দ কৰা হয় পলসভৰ্তি তিনিখন ডাম্পাৰ (Dumpers carrying sediment seized) ৷

Dumpers carrying sediment seized
গুইজানত অবৈধ পলস কঢ়িওৱা তিনিখন ডাম্পাৰ জব্দ
author img

By

Published : Jan 6, 2023, 2:27 PM IST

তিনিচুকীয়া, ৬ জানুৱাৰী: অবৈধভাৱে পলস খননৰ বিৰুদ্ধে গুইজানত বন বিভাগ আৰু আৰক্ষীৰ অভিযান (Forest department police raid against illegal sediment mining in Guijan) ৷ তিনিচুকীয়াৰ গুইজান আৰক্ষী চকীৰ অন্তৰ্গত নতুন ৰঙ্গাগড়াৰ লগতে কলীয়াপানী ঘাটত দুষ্টচক্ৰই নিজৰ লাভালাভৰ স্বাৰ্থত অবৈধভাৱে পলস খনন কৰি ডাম্পাৰে ডাম্পাৰে কঢ়িয়াই নিয়াৰ বাতৰি বিগত দিনসমূহত ধাৰাবাহিকভাৱে সবিস্তাৰে প্ৰকাশ হৈ আহিছিল ৷ ইয়াৰ পাছতে বৃহস্পতিবাৰে সন্ধিয়া গুইজান আৰক্ষীৰ সহযোগত গুইজান বন বিভাগৰ এটা দলে অভিযান চলাই তিনিখন পলস কঢ়িয়াই অনা ডাম্পাৰ জব্দ কৰে বুলি জানিব পৰা গৈছে (Dumpers carrying sediment seized) ৷

এই সন্দৰ্ভত গুইজান বনাঞ্চলিক বিষয়া সান্তনা মেধিৰ পৰা জানিবলৈ বিচৰাত তেখেতে অবৈধভাৱে পলস কঢ়িওৱা তিনিখন ডাম্পাৰ জব্দ কৰা বুলি জানিবলৈ দিয়াৰ লগতে বিভাগীয় কাৰ্য সম্পাদৱ কৰাৰ পাছত তিনিচুকীয়াৰ বন বিভাগক ডাম্পাৰকেইখন চমজাই দিয়া হয় বুলি জানিবলৈ দিয়ে ৷ জব্দ কৰা ডাম্পাৰ কেইখনৰ নম্বৰ ক্ৰমে এ এছ ০৬ এ চি ৪৯১০, এন এল ০৪ ডি ৬৮১৮ আৰু এ এছ ২৩ বি চি ৬১২২ ৷ উল্লেখযোগ্য যে, দূৰ্গা পূজাৰ পাছতে নতুন ৰঙ্গাগড়াৰ লগতে কলীয়াপানী ঘাটত অবৈধভাৱে পলস খনন আৰম্ভ কৰাৰ পৰাই গুইজান-তিনিচুকীয়া আৰু নতুন ৰঙ্গাগড়া-তিনিচুকীয়া পথত একপ্ৰকাৰে পলস কঢ়িওৱা গাড়ীয়ে ত্ৰাসৰ সৃষ্টি কৰি অহা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Mission Amrit Sarovar in Assam: ট্ৰেক্টৰ চালকৰ ৰূপত মন্ত্ৰী যোগেন মহন

পুৱতি নিশাৰ পৰা নিশালৈ শ শ গাড়ীয়ে গেলাপুখুৰী আৰক্ষী চকী, গুইজান আৰক্ষী চকী, গুইজান বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখেদি অবৈধভাৱে কঢ়িওৱা পলসভৰ্তি বাহনসমূহ অহা যোৱা কৰি থকাৰ পাছতো নিৰ্লিপ্ত ভূমিকাত অৱতীৰ্ণ হোৱা দেখিবলৈ পোৱা গৈছিল জিলা প্ৰশাসন, আৰক্ষী কিম্বা বন বিভাগক ৷ পলসভৰ্তি ডাম্পাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা হোৱা নাছিল জিলা প্ৰশাসন, আৰক্ষী কিম্বা বনবিভাগে ৷

শেহতীয়াকৈ পলস কঢ়িওৱা তিনিখন ডাম্পাৰ জব্দ কৰা হয় যদিও অবৈধ পলস খননৰ জৰিয়তে লাখ লাখ টকা চৰকাৰৰ ৰাজহ লোকচান কৰি চোৰাংভাৱে নিজৰ বিশাল সম্পত্তি গঢ়িবলৈ সক্ষম হোৱা দুষ্টচক্ৰৰ বিৰুদ্ধে কিবা দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব নে ডাম্পাৰকেইখন জব্দ কৰিয়েই দায়িত্ব সামৰিব সেয়া পৰৱৰ্তী সময়ত হ’ব এক মন কৰিবলগীয়া বিষয় ৷

লগতে পঢ়ক : Daughter in law suspected death in Dhubri : বোৱাৰী হত্যাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে অৱৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.