ETV Bharat / state

Drugs peddler arrested with drugs: তিনিচুকীয়াৰ হোটেল মিডটাউনত 22 লাখ টকাৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী - ড্ৰাগছসহ দুটা সৰবৰাহকাৰী আটক

তিনিচুকীয়া চহৰস্থিত হোটেল মিডটাউনত আৰক্ষীৰ এটা দলে অভিযান চলাই 106 নম্বৰ কোঠাৰ পৰা ড্ৰাগছসহ দুটা সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে হেম বাহাদুৰ চুবেদি আৰু অজয় টাৱাং বুলি জানিব পৰা গৈছে ৷

Drugs peddler arrested with Huge Amount of drugs
ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী
author img

By

Published : Jul 23, 2023, 9:20 AM IST

তিনিচুকীয়াত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

তিনিচুকীয়া, 23 জুলাই : তিনিচুকীয়ালৈ ডিমাপুৰৰ পৰা প্ৰতিদিনেই আমদানি হৈ আছে লাখ লাখ টকাৰ মাৰাত্মক ড্ৰাগছ ৷ শেহতীয়াকৈ ৰে’লৰ লগতে নৈশ বাছৰ জৰিয়তে ডিমাপুৰৰ পৰা ড্ৰাগছৰ সৰবৰাহ কৰাৰ সময়ত আৰক্ষীয়ে বুজন পৰিমাণৰ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ এক কথাত ক’বলৈ গ’লে তিনিচুকীয়াক ট্ৰেনজিৎ পইণ্ট হিচাপে ব্যৱহাৰ কৰি আহিছে ড্ৰাগছ সৰবৰাহকাৰীয়ে ৷

শনিবাৰে নিশাও তেনেদৰেই চাৰি ড্ৰাগছ সৰবৰাহকাৰীয়ে ডিমাপুৰৰৰ পৰা সৰবৰাহ কৰি আনিছিল বুজন পৰিমাণৰ মাৰাত্মক ড্ৰাগছ ৷ কিন্তু তিনিচুকীয়া আৰক্ষীয়ে গোপন সূত্ৰে পোৱা তথ্যৰ ভিত্তিত তিনিচুকীয়া চহৰস্থিত হোটেল মিডটাউনত অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেতৃত্বত, তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহাইৰ সহযোগত আৰক্ষীৰ এটা দলে অভিযান চলাই 106 নম্বৰ কোঠাৰ পৰা ড্ৰাগছসহ দুটা সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে হেম বাহাদুৰ চুবেদি আৰু অজয় টাৱাং বুলি জানিব পৰা গৈছে ৷

ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে 9 টাকৈ চাবোনৰ বাকচত 110 গ্ৰাম মাৰাত্মক ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি জব্দকৃত ড্ৰাগছখিনিৰ বজাৰমূল্য প্ৰায় 22 লাখ টকা ৷ লগতে আৰক্ষীয়ে জব্দ কৰে দুই সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা দুখনকৈ ৰয়েল এনফিল্ডৰ মটৰচাইকেল ৷ জব্দ কৰা থাণ্ডাৰৱাৰ্ড বুলেটখনৰ নম্বৰ এ এছ 23 এ বি 2900 আৰু হিমালয়ানখনৰ নম্বৰ এ আৰ 22 বি 3155 ৷ আনহাতে, জব্দকৰা ড্ৰাগছখিনিৰ সমান্তৰালভাৱে আন দুই সৰবৰাহকাৰীয়ে ড্ৰাগছ লৈ তিনিচুকীয়াৰ পৰা উধাও হয় যদিও কাকপথাৰত বিক্ৰী কৰিবলৈ নিয়া এই চক্ৰটোৰ এটাক কাকপথাৰত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

কিন্তু এইপৰ্যন্ত এই চক্ৰটোৰ আন এটা সৰবৰাহকাৰী পলাতক অৱস্থাত আছে যদিও আৰক্ষীয়ে অভিযান অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে তিনিচুকীয়া আৰক্ষীয়ে ৷ কিন্তু দুই সৰবৰাহকাৰীক হোটেল মিডটাউনত নীতি বৰ্হিভূতভাৱে পঞ্জীয়ন বহীত পঞ্জীয়ন নকৰাকৈ হোটেলৰ কোঠা প্ৰদান কৰা বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ৷ গতিকে এইক্ষেত্ৰত হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক : Reserve close to IC: হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাক ৰিজাৰ্ভ ক্ল'জ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.