শদিয়া, 8 জুন : ৰাজ্যজুৰি ড্ৰাগছ আৰু অন্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷ আৰক্ষীৰ অভিযানত বিভিন্ন স্থানত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ তদুপৰি এই পৰ্যন্ত ড্ৰাগছ-গাঞ্জা আদিৰ সৰবৰাহৰ লগত জড়িত থকাৰ অপৰাধত আটক হৈছে বহু লোক ৷
শেহতীয়াভাৱে কাকপথাৰ আৰক্ষী থানাৰ অন্তগত ২নং চেলেংগুৰীত ড্ৰাগছ সৰবৰাহৰৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন লোকক ৷ ২নং চেলেংগুৰীৰ নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে খগেন মৰাণ(27) নামৰ যুৱকজনক ৷ কাকপথাৰ আৰক্ষীয়ে বিশেষ অভিযোগৰ ভিত্তিত অভিযান চলাই যুৱকজনক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক: বিবদমান অসম-নাগালেণ্ড সীমান্ত পৰিদৰ্শন গোলাঘাটৰ উপায়ুক্তৰ