ডুমডুমা, 4 ডিচেম্বৰ: তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তত এতিয়া চলিছে আলফাৰ নামত ব্যাপক সন্ত্ৰাস ৷ এই সন্ত্ৰাসৰ ফলত এতিয়া আতংকৰ মাজত দিন কটাবলগীয়া হৈছে অঞ্চলবাসীয়ে ৷ মঙলবাৰে জিলাখনৰ তালাপ থানাৰ অন্তৰ্গত কৰ্দৈগুৰিৰ ১ নং নতুন হাতীহাল গাঁৱতো সংঘটিত হ'ল এক অনুৰূপ ঘটনা ৷ ঘটনা অনুসৰি, হাতীহাল গাঁৱৰ অজিত গগৈক বিচাৰি নিশা প্ৰায় 12/15 জনীয়া এটা অস্ত্ৰধাৰী দলে সমগ্ৰ গাঁৱখনত আলফা স্বাধীনৰ সদস্য বুলি পৰিচয় দি সন্ত্ৰাস চলাই ৷ অস্ত্ৰধাৰী দলটোৱে গাওঁখনৰ তিনিটাকৈ পৰিয়ালৰ ঘৰত অস্ত্ৰ দেখুৱাই ভাবুকি প্ৰদান কৰি লাখ টকাৰ ধন-সোণ লুট কৰি লৈ যায় ৷ লগতে অজিত গগৈক বিচাৰি নাপাই এগৰাকী অশীতিপৰ বৃদ্ধাক পেটত গুৰিয়াই গুৰুত্বৰভাৱে আহত কৰে ৷
মুখত ক'লা কাপোৰ বান্ধি অহা দলটোৱে গাঁৱবাসীৰ আগত নিজকে আলফা স্বাধীনৰ সদস্য বুলি চিনাকি দিয়াৰ লগতে তেওঁলোকক জনৈক "ছাৰে" পঠাইছে বুলি উল্লেখ কৰে ৷ গাঁৱবাসীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়া অনুসৰি দলটোৱে বিগত কিছুদিনৰ পৰা গাওঁখনত আলফাৰ নাম লৈ সন্ত্ৰাস চলাই আহিছে ৷ অস্ত্ৰধাৰী দলটোৰ সন্ত্ৰাসত আতংকিত হৈ বৰ্তমান উজাগৰী নিশা পাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷ গাঁওবাসীয়ে পৰেশ বৰুৱাক আহ্বান জনাইছে গাঁওবাসীৰ দুখ-দুদৰ্শাৰ কথা ভাবি স্পষ্ট কৰক অস্ত্ৰধাৰী দলটো আলফা স্বাধীনৰ সদস্য হয় নে নহয় ৷