ডুমডুমা, ৩০ জুন : তিনিচুকীয়াত আজৱ কাণ্ড বিদ্যুৎ বিভাগৰ (Electricity Department) । ১০ মাহে বিদ্যুতৰ সংযোগ নাই এটা অঞ্চলত ৷ কিন্তু সময়মতেই ৰাইজক বিদ্যুতৰ বিল প্ৰেৰণ কৰি আছে বিভাগে ।
তিনিচুকীয়া জিলাৰ ডুমডুমা বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত কাকপথাৰৰ সমীপৰ টঙনা চাহ বাগিচাৰ ৮ নং লাইনত বিগত ১০ মাহে ব্যাহত হৈ আছে বিদ্যুৎ সেৱা ৷ বাগিচাখনৰ ৮ নং লাইনত থকা এটা ট্ৰেন্সফৰ্মাৰ (Transformer) ২০২০ বৰ্ষৰ চেপ্তেম্বৰ মাহৰ পৰা বিকল হৈ আছে । উক্ত ট্ৰেন্সফৰ্মাৰটো মেৰামতি কৰি বাগিচাখনৰ এই লাইনটোত বিদ্যুৎ সেৱা সূচল কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ।
যাৰ বাবে বিগত ১০ মাহে বিদ্যুৎ লাভৰ পৰা বঞ্চিত হৈ আছে লাইনটোৰ বাসিন্দাসকল । ইফালে বিদ্যুৎ সেৱা ব্যাহত হ'লেও বিদ্যুতৰ বিল (Electricity Bill) কিন্তু ঠিকমতেই প্ৰেৰণ কৰি আহিছে বিভাগীয় কৰ্তৃপক্ষই । ফলত চিন্তিত হৈ পৰিছে বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত টঙনা চাহ বাগিচাৰ ৮ নং লাইনৰ বাসিন্দাসকল ।
ইফালে ৰাইজৰ এই অসুবিধাৰ বিষয়ে বহুবাৰ বিভাগক আবেদন-বিবেদন কৰিছে অঞ্চলটোৰ ৰাইজে । কিন্তু কোনো গুৰুত্ব নাই বিদ্যুৎ বিভাগৰ । বিকল ট্ৰেন্সফৰ্মাৰ মেৰামতি বা নতুন এটা স্থাপন কৰাৰ বাবে কোনো পদক্ষেপে নল'লে বিদ্যুৎ বিভাগে । কিন্তু বিল প্ৰেৰণৰ ক্ষেত্ৰত কোনো গাফিলতি কৰা নাই বিভাগটোৱে ।
ইফালে কৰ'ণা পৰিস্থিতিৰ মাজত বিদ্যুৎ সেৱা বন্ধ হৈ থকাত যথেষ্ট পৰিমাণে অসুবিধাত পৰিছে ৰাইজসকল । ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া-শুনাতো বাধা আহিছে বুলি অভিযোগ কৰে স্থানীয় লোকসকলে । যাৰ বাবে অসম চৰকাৰৰ নতুন শক্তি মন্ত্ৰী (Power minister) বিমল বৰাক আহ্বান জনাইছে যাতে মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ এই অসুবিধাৰ কথা বুজি পায় । লগতে বিভাগটোৰ গাফিলতি দৃষ্টিগোচৰ কৰিছে অঞ্চলটোৰ ৰাইজে ।
লগতে পঢ়ক: দুখন চিকিৎসা মহাবিদ্যালয়ত OXYGEN CONCENTRATOR যোগান সত্য সাই সেৱা সমিতিৰ