ডুমডুমা, 27 জুলাই : সোমবাৰে শাসনাধিষ্ঠিত চৰকাৰৰ বিৰোধিতাৰে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে আটাছাই ৷ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডুমডুমা শাখা সমিতিৰ উদ্যোগত ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত তিনি ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । চাহ নগৰী হিচাপে খ্যাত বৃহত্তৰ ডুমডুমা অঞ্চলত উচ্চ শিক্ষানুষ্ঠান স্থাপন কৰা, চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷
লগতে চৰকাৰে ডুমডুমাত নতুনকৈ স্থাপন কৰিবলৈ লোৱা প্ৰস্তাৱিত আদৰ্শ মহাবিদ্যালয়খন স্বৰ্গীয় মুলিয়া তাঁতীৰ নামত নামকৰণ কৰাৰ দাবীত সংগঠনটোৱে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত আটছাই ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
লগতে পঢ়কঃবৰপেটাত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীচাৰ্জ