ETV Bharat / state

Digboi police operation against crime : ডিগবৈত আৰক্ষীৰ জালত নগদ ধনসহ আটক ৬ জুৱাৰী

author img

By

Published : Feb 25, 2023, 10:42 PM IST

অপৰাধ তথা অপৰাধীৰ বিৰুদ্ধে সষ্টম ৰাজ্যৰ আৰক্ষী তথা প্ৰশাসন (Assam police operation against crime) ৷ জিলাখনৰ পৰা অপৰাধ নিৰ্মূল কৰাৰ স্বাৰ্থত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ ইয়াৰ মাজতে শুকুৰবাৰে নিশা ডিগবৈত আৰক্ষীয়ে আটক কৰিছে নগদ ধনসহ ৬ জুৱাৰীক (Digboi police detain many gamblers) ৷

Digboi police operation against crime
ডিগবৈত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষী অভিযান
ডিগবৈত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষী অভিযান

তিনিচুকীয়া, ২৫ ফেব্ৰুৱাৰী : তিনিচুকীয়া জিলাত আৰক্ষীয়ে এতিয়া প্ৰতিটো দিনতে বিভিন্ন অবৈধ বেহাৰ লগতে অপৰাধ মূলক কাৰ্যৰ বিৰুদ্ধে অব্যাহত ৰাখিছে মাৰাথন অভিযান (Digboi police operation against crime)৷ শুক্ৰবাৰে নিশাৰ ভাগত তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষীয়ে চলাই জুৱাৰ বিৰুদ্ধে এক অভিযান । ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্ত নেতৃত্বত চলোৱা উক্ত অভিযানত ৬ জনকৈ জুৱাৰী আটক কৰিবলৈ সক্ষম হয় (Digboi police detain many gamblers) ।

ধৃত ৬ জুৱাৰীৰ পৰা আৰক্ষীয়ে ৩০,৩২০ টকা নগদ ধনসহ দুখন স্কুটি আৰু তাচপাত জব্দ কৰা হয় । আটকাধীন জুৱাৰী কেইজন ক্ৰমে কিশোৰ চৌধুৰী, বিষ্ণু জৈশ্ৰী, অমিতাভ গগৈ, সুৰেশ চৌধুৰী, মনোজ কুমাৰ জয়চোৱাল, মুকুল ভট্টাচাৰ্য । পৰৱৰ্তী সময়ত আটাইকেইজন আটকাকাধীন জুৱাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আজি ন্যায়িক জিম্বালৈ প্ৰেৰণ কৰে ৷

এই সন্দৰ্ভত ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তই সংবাদমাধ্যমৰ আগত কয় যে এক বিশেষ খবৰৰ ভিত্তিত শুকুৰবাৰে নিশা প্ৰায় ১০ বজাত এক বিশেষ খবৰৰ ভিত্তিত কালিবাৰীৰ সমীপত এটা কোঠাত চলাই এক অভিযান ৷ সেই অভিযানতে ৬ জুৱাৰীক আৰক্ষীয়ে আটক কৰি আৰক্ষী থানালৈ লৈ যায় (Digboi police operation against gamblers) ৷

কেইজনমান লোকে কিছু অপৰাধ মূলক কাৰ্য কৰাৰ উদ্দেশ্যি একত্ৰিত হৈছে ৷ সেই তথ্যৰ ভিত্তিত বিশেষ অভিযান চলাবলৈ গৈ দেখা পায় যে ৬ জন লোকে কোঠাটোত জোৱা খেলি আছিল । সেইসময়তে উক্ত ৬ জুৱাৰীক আৰক্ষীয়ে আটক কৰি আৰক্ষী থানালৈ লৈ যায় ৷

আৰক্ষীয়ে জুৱাৰীকেইটাৰ পৰা খেলি থকা তাচপাত, ব্যৱহাৰ কৰা দুখন স্কুটি আৰু ৩০,৩২০ টকা নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় ৷ আনকি স্থানীয় ৰাইজে আৰক্ষীক উল্লেখ কৰা অনুসৰি উক্ত কোঠাটোত বহুদিনৰ পৰাই ধৃত জুৱাৰীকেইটাই সঘনে জোৱা খেলিবলৈ ব্যৱহাৰ কৰি আহিছিল ৷ আৰক্ষীয়ে জুৱাৰীকেইটাক আটক কৰাত স্বতিৰ নিশ্বাস এৰিছে অঞ্চলবাসী ৰাইজে ৷

উল্লেখযোগ্য যে, তিনিচুকীয়া জিলাখনত আৰক্ষীয়ে কিছুদিনৰ পৰা জুৱাৰী আৰু জুৱাৰ বিৰুদ্ধেও অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে । কিছুদিনৰ পূৰ্বে ডুমডুমাত ডুমডুমা আৰক্ষীয়ে জুৱাৰীৰ বিৰুদ্ধে অভিযান চলাই নগদ ধনসহ কেইবাটাও জুৱাৰীক আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ৷ লগতে মাৰ্ঘেৰিটাটো মাৰ্ঘেৰিটা আৰক্ষীয়ে কেবাটাও জুৱাৰীক আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ৷

শেহতীয়াকৈ পুনৰ ডিগবৈত জুৱাৰীৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে ৷ গতিকে ইয়াৰ পৰা এটা কথা নিশ্চিত ৰূপত উল্লেখ কৰিব পাৰি যে তিনিচুকীয়া জিলাত মাৰাত্মক ড্ৰাগছৰ সমান্তৰালভাৱে জুৱা আৰু জুৱাৰীৰ বিৰুদ্ধেও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷

লগতে পঢ়ক : Rowta Police Encounter update : ডকাইত কেনাৰাম বাচিল, আৰক্ষীৰ গুলীত প্ৰাণ গ’ল ডিম্বেশ্বৰ মুছাহাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.