ETV Bharat / state

ডিগবৈত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী - শিলিখা চাহ বাগিচা

ডিগবৈৰ প্ৰকৃতিপ্ৰেমী সংস্থাৰ প্ৰশংসনীয় পদক্ষেপ ৷ বন বিভাগৰ সহযোগতৃ পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী, দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যত মুকলি কৰি দিয়া হয় পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো ৷

ডিগবৈত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী
ডিগবৈত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী
author img

By

Published : Nov 24, 2020, 8:07 AM IST

Updated : Nov 24, 2020, 9:18 AM IST

তিনিচুকীয়া, 24 নৱেম্বৰঃ তিনিচুকীয়া জিলাৰ বৰহাপজানস্থিত,শিলিখা চাহ বাগিচাত দীৰ্ঘদিন ধৰি এটি প্ৰকাণ্ড নাহৰফুটুকী বাঘে সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ৷ প্ৰায়েই পোহনীয়া পশুধন নিধন কৰি,সাধাৰণ ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰি থকাৰ সময়তে সোমবাৰে নিশা শিলিখা চাহ বাগিচাৰ কৰ্তৃপক্ষ ,প্ৰকৃতিপ্ৰেমী বেচৰকাৰী সংস্থা (Society for Wildlife Conservation) ছচাইটি ফৰ ৱাইল্ড লাইফ কনজাৰভেশ্যন নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ সহযোগত পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় প্ৰকাণ্ড নাহৰফুটুকীটো ৷

ডিগবৈত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

উল্লেখ্য যে,দীৰ্ঘদিনৰ পৰা অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা নাহৰফুটুকীটোৰ কথা বন বিভাগক জনোৱাৰ পিচতে চাহ বাগিছাখনত স্থাপন কৰা পিঞ্জৰাটোত আবদ্ধ কৰিবলৈ সক্ষম হয় নাহৰফটুকুীটো ৷

দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যত মুকলি কৰি দিয়া হয় নাহৰফুটুকীটো

আনহাতে সোমবাৰে নিশা পিঞ্জৰাবদ্ধ হোৱা নাহৰফুটুকী বাঘটোৰ বয়স বন বিভাগৰ বিষয়াই অৱগত কৰা অনুসৰি প্ৰায় ছয় বছৰ বুলি জানিবলৈ দিয়ে আৰু পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘটো,ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰিমিয়াৰ কেম্পত মুকলি কৰি দিয়া হয় ৷

লগতে চাওকঃ অনন্ত ধামলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...

Last Updated : Nov 24, 2020, 9:18 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.