তিনিচুকীয়া, 31 মাৰ্চ : চোৰাংকৈ তেল সৰবৰাহ কৰা চক্ৰৰ বিৰুদ্ধে ডিগবৈ আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযান চলাই লাভ কৰে বৃহৎ সফলতা । ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তৰ নেতৃত্বত এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ডিগবৈ অইল ফিল্ডৰ সুৰক্ষিত এলেকাধীন খাৰচাং পইণ্টত ৰখাই থোৱা অৱস্থাত চোৰাংভাৱে খাৰুৱা তেল সৰবৰাহ কৰা পাঁচখন টেংকাৰ আৰু এখন বলেৰ' গাড়ী জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী আৰক্ষীৰ দলে । ঘটনা সন্দৰ্ভত মুঠ ১২ জন লোকক আটক কৰে আৰক্ষীয়ে (Digboi Police busted oil pilferage racket) ।
জব্দ কৰা টেংকাৰ কেইখনৰ নম্বৰ ক্ৰমে - এ এচ 08 এ চি 2603, এ এচ 01 এল চি 5552, এ এচ 25 ই চি 5597, এ এচ 06 বিচি 8336 আৰু এ এচ 01 জে চি 2495 । টেংকাৰ কেইখনে অইলৰ ক্ৰুড অইল কঢ়িয়াই আনিছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । এই সন্দৰ্ভত ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তই জানিবলৈ দিয়া মতে, টেংকাৰকেইখনে শিৱসাগৰৰ আমগুৰিৰ পৰা ক্ৰুড অইলখিনি টেংকাৰৰ জৰিয়তে ডিগবৈলৈ কঢ়িয়াই আনিছিল । কিন্তু অসাধু চক্ৰটোৱে ক্ৰুড অইলখিনি চাবুৱাৰ পাইন উড নামৰ ধাবাখনত বিক্ৰী কৰি টেংকাৰকেইখনত পানী ভৰাই ডিগবৈ পায়হি । অইলৰ টেংকাৰ ৰখাই থোৱা খাৰচাং পইণ্টত টেংকাৰকেইখনৰ পৰা পানী উলিয়াই থাকোতেই আৰক্ষীৰ অভিযানকাৰী দলটোৱে অভিযান চলা়ই টেংকাৰকেইখনৰ লগতে এখন বলেৰ' গাড়ী জব্দ কৰিবলৈ সক্ষম হয় (Oil racket in Assam)।
আৰক্ষীয়ে আটক কৰা লোককেইজন ক্ৰমে - টিংখাঙৰ জ্যোতিষ্মান সোণোৱাল, নৱজ্যোতি সন্দিকৈ, দিপজ্যোতি চুতীয়া, শিৱসাগৰৰ দিপজ্যোতি বৰগোহাঁই, অভিনন্দন ৰজক, লক্ষীমপুৰৰ দিলীপ বৰুৱা, তিতাবৰৰ মণ্টু চুতীয়া, টিয়কৰ পৱন গগৈ, গোলাঘাটৰ পুলিন কোঁৱৰ, চৰাইদেউৰ মন্টু শইকীয়া আৰু বিহাৰৰ প্ৰমোদ কুমাৰ বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । অন্যহাতে, বলেৰ’খনৰ পৰা আটক কৰা দুজন লোকৰ ভিতৰত এজন অইল মেক্স নামৰ কোম্পানীটোৰ মেনেজাৰ আৰু আনজন সুৰক্ষা বাহিনীৰ জোৱান বুলি আৰক্ষীয়ে সন্দেহ কৰিছে (12 oil theft arrested in Digboi )।
উল্লেখ্য যে, মেক্স নামৰ কোম্পানীটোয়ে অইলৰ ক্ৰুড অইল ডিগবৈৰ শোধনাগাৰত যোগান ধৰে আৰু শোধনাগাৰৰ এই ক্ৰুড অইল শোধন কৰে । কিন্তু মেক্স কোম্পানীটোৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে এনেদৰে চোৰাংভাৱে ক্ৰুড অইল বিক্ৰী কৰি লাখ লাখ টকা অবৈধভাৱে ঘটি থকাৰ অভিযোগ পূৰ্বৰে পৰা আছিল । অন্যহাতে, এই চোৰাং চক্ৰটোৰ সৈতে শোধনাগাৰটোৰ একাংশ কৰ্মচাৰী-বিষয়া , সুৰক্ষাকৰ্মীৰ লগতে বাহিৰৰ তেল মাফিয়া জড়িত থকাৰ সন্দেহ কৰা হৈছে (Oil tanker seized in Digboi)।
ইপিনে, ডিগবৈ আৰক্ষীৰ এটা দলে চাবুৱাৰ কুখ্যাত পাইনউড নামৰ ধাবাখনত অভিযান চলাই ক্ৰুড অইলখিনি জব্দ কৰিছে । ডিগবৈ আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে তদন্ত ৷ সমান্তৰালভাৱে চাবুৱা আৰক্ষী থানাটো এটি গোচৰ ৰুজু কৰা হৈছে । উল্লেখযোগ্য যে, উজনি অসমত দীৰ্ঘদিন ধৰি চোৰাংভাৱে তেলৰ ব্যৱসায় চলাই অহা এই অসাধু চক্ৰটোৰ বিৰুদ্ধে বিভিন্ন সময়ত আৰক্ষীয়ে অভিযান চলাই আহিছে যদিও তেলৰ এই অবৈধ বেহা সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ সক্ষম হোৱা নাই । সঠিক দিশত আৰক্ষীয়ে তদন্ত কৰিলে তেল চুৰি চক্ৰটোৰ সৈতে ৰৌ, বৰালি জড়িত থকাৰ তথ্য পোহৰলৈ আহিব বুলি সম্ভাৱনা ব্যক্ত কৰিছে স্থানীয় সচেতন মহলে (Digboi Police Station) ৷
লগতে পঢ়ক : Charaideo Moidam : চৰাইদেউ মৈদাম কাৰ, শিৱসাগৰ নে চৰাইদেউ জিলাৰ ?