তিনিচুকীয়া,22মে': প্ৰকৃতিৰ নুমলীয়া জীয়ৰী ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান৷জৈৱ বিচিত্ৰৰে ভৰপূৰ প্ৰকৃতিৰ নুমলীয়া জীয়ৰী ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যাখনত আছে ৫০২টা প্ৰজাতিৰ চৰাই,১২০টা প্ৰজাতিৰ পখিলা,১১০টা প্ৰজাতি মাছ,৩৫টা প্ৰজাতি অ'ৰ্কিড,৪৫০বিধ প্ৰজাতিৰ গছ-গছনি,৩৬ বিধ স্তন্যপায়ী,২৫বিধ সৰীসৃপ আৰু ২০ বিধ উভচৰ প্ৰাণী ৷ বিশেষকৈ ৰাষ্ট্ৰীয় উদ্যানখনে বনঘৰচীয়া ঘোঁৰা আৰু দেওহাঁহেৰে আকৰ্ষিত কৰি আহিছে বিশ্বৰ পৰ্যটকসকলক ৷ হয়টো ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনক জৈৱ-বৈচিত্ৰৰ ভঁড়াল বুলি ক'লে হয়টো বঢ়াই কোৱা নহ’ব৷কিন্তু বিশ্বৰ পৰ্যটকৰ বিশেষ আকৰ্ষণ তথা অসমৰ হৃদপিণ্ডস্বৰূপ ৰাষ্ট্ৰীয় উদ্যানখনলৈ এতিয়া আহি পৰিছে ভাবুকি ৷ সংকটত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান৷ কাৰণ ৰাষ্ট্ৰীয় উদ্যানখনৰ 7টাকৈ স্থানত তৈল খনন কৰিবলৈ অনুমতি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ যাৰ বাবে এতিয়া ইয়াকে লৈ শংকিত হৈ পৰিছে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী সকল ৷এই সম্পৰ্কত প্ৰকৃতিপ্ৰেমী নিৰন্ত গোঁহাইয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে,ৰাজ্য চৰকাৰে ডিব্ৰু-ছৈখোৱাক ৰক্ষা কৰাৰ সলনি ধ্বংস কৰিবৰ বাবেহে উঠিপৰি লাগি আছে ৷ চৰকাৰে যদি ডিব্ৰু-ছৈখোৱাখনক তৈল খণ্ডলৈ ৰূপান্তৰিত কৰিবই বিচাৰিছে তেনেহ'লে গোপনে নকৰি মুকলিকৈ ওলাই আহিবলৈ দাবী কৰিছে প্ৰকৃতিপ্ৰেমীগৰাকীয়ে ৷ইপিনে তৈল খননৰ অনুমতিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্থিতি ৰহস্যজনক বুলিও কয় নিৰন্ত গোঁহাইয়ে ৷
প্ৰশ্ন হয়, ৰাজ্যৰ এখনৰ পিছত আন এখন জৈৱ বৈচিত্ৰ ধ্বংস কৰিবলৈ অধিকাৰ ক'ত পালে চৰকাৰে ? এনেদৰেই এতিয়া নিঃশেষ হৈ যাব নেকি অসমৰ সম্পদসমূহ?কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তত জাতি মাটি ভেঁটি ৰক্ষাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকা কি হ'ব সেইয়া পৰৱৰ্তী সময়ত নিশ্চয়কৈ লক্ষণীয় হ'ব ৷
লগতে পঢ়কঃদিহিং পাটকাইত কয়লাৰ মুক্ত খননঃ ধেমাজি জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ