ETV Bharat / state

বাঘৰ আতংকত দিনতে নিশা হৈছে তিনিচুকীয়াবাসীৰ

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 2:32 PM IST

বাঘৰ আতংকত ত্ৰাসিত তিনিচুকীয়াবাসী । তিনিচুকীয়াৰ ফিল'বাৰীৰ চিকৰাজান, ৰহবাৰী, হেমবাৰী, দহ নং বস্তি আদিত দিনে-নিশাই বাঘে কৰিছে মুক্ত বিচৰণ । শীঘ্ৰে বাঘ কেইটা পিঞ্জৰাবদ্ধ কৰাৰ বাবে আহ্বান স্থানীয় ৰাইজৰ ।

Demand for caging of tigers in Tinsukia
বাঘৰ আতংকত দিনতে নিশা হৈছে তিনিচুকীয়াবাসীৰ
বাঘৰ আতংকত দিনতে নিশা হৈছে তিনিচুকীয়াবাসীৰ

তিনিচুকীয়া,২২ নৱেম্বৰ : তিনিচুকীয়া জিলাৰ ফিল'বাৰীত বাঘৰ আতংকই নিদ্ৰা কাঢ়িছে সৰ্বসাধাৰণ ৰাইজৰ ৷ ফিল'বাৰীৰ চিকৰাজান, ৰহবাৰী, হেমবাৰী, দহ নং বস্তি আদিত দিনে-নিশাই বাঘে কৰিছে মুক্ত বিচৰণ ৷ গোহালিৰ পৰাই লৈ গৈছে গৰু, চোতালৰ পৰাই লৈ গৈছে ছাগলী আদিকে ধৰি নানা পশুধন ৷ নিৰাপত্তা নোহোৱা হৈছে মানুহৰো ৷ পথচাৰীক আক্ৰমণ কৰাৰ পাছত আতংক আৰু অধিক বৃদ্ধি পাইছে ৷

আতংকিত ৰাইজক ফটকা ফুটাবলৈ কৈয়ে দায়িত্ব সামৰিছে বন বিভাগে ৷ ক্ষোভিত হৈ পৰিছে ৰাইজ ৷ সন্ধিয়া হ'লেই চৌদিশে এতিয়া বাঘৰ ভয় ৷ বাঘৰ ভয়ত সন্ধিয়া হোৱা লগে লগেই সকলো ব্যক্তিয়েই আৱদ্ধ হ'বলগীয়া হয় ঘৰৰ ভিতৰত। সন্ধিয়া হোৱা লগে লগেই সমগ্ৰ অঞ্চলটোত মুক্তভাৱে বাঘে বিচৰণ কৰি ফুৰে । কেৱল ইমানেই নহয় দিনৰ ভাগতেই বিদ্যালয়লৈ অহা-যোৱা ছাত্ৰ-ছাত্ৰীক যিকোনো সময়তেই বাঘে আক্ৰমণ কৰাৰ ভয়ত অভিভাৱকসকলে নিজৰ সন্তানক বিদ্যালয়লৈ পঠাবলৈ চিন্তিত হৈ পৰিছে ।

যিহেতু ফিল'বাৰী চাহ বাগিচাত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই থকা বাঘ এতিয়া ওলাই আহিছে গাঁৱলৈ । ফিল'বাৰী চাহ বাগিচাৰ কাষতেই লাগি থকা চিকৰাজান সংযোগী পথত দুয়োপাৰে হাবি-বননিৰে ভৰি থকাৰ বাবে যিকোনো মুহুৰ্তত হাবি-বননিত লুকাই নাহৰফুটুকী বাঘে পথচাৰীক আক্ৰমণ কৰাৰো সন্দেহ প্ৰকাশ কৰিছে । স্থানীয় ৰাইজে বন বিভাগক অতি সোনকালে বাঘকেইটাক পিঞ্জৰাবদ্ধ কৰিবলৈ দাবী জনোৱা লগতে বিজুলীবন গাঁও পঞ্চায়তৰ লগতে লোক নিৰ্মাণ বিভাগক জৰাজীৰ্ণ পথচোৱা নিৰ্মাণ কৰাৰ লগতে হাবি-বননি চফা কৰিবলৈ আহ্বান জনাই ৷

লগতে পঢ়ক : টিংখাঙত খাদ্যত বিষক্ৰিয়া হৈ ১১ গৰাকী চিকিৎসাধীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.