নিউজ ডেস্ক, 30 ছেপ্টেম্বৰ: 28 ছেপ্টেম্বৰত উৎক্ষেপণ কৰা ক্ৰুড মিছনৰ ড্ৰেগন মহাকাশযানখন ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত উপস্থিত হৈছে । মহাকাশচাৰী দুগৰাকী আই এছ এছত উপস্থিত হোৱাৰ পিছত তেওঁলোকক নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু সহযোগী বাচ্চ উইলম'ৰে আদৰণি জনায় । এই দুগৰাকী মহাকাশচাৰীয়ে 2025 চনৰ ফেব্ৰুৱাৰী মাহত পৃথিৱীলৈ উভতি আহিব ।
মহাকাশত SpaceX কেপচুল
শনিবাৰে ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় 10.47 বজাত ক্ৰু-9 অভিযানৰ মহাকাশ যানখনে মহাকাশলৈ যাত্ৰা আৰম্ভ কৰে । এই অভিযানৰ লক্ষ্য হৈছে যোৱা জুন মাহৰ পৰা মহাকাশত আবদ্ধ হৈ থকা মহাকাশচাৰীসকলক ঘূৰাই অনা । সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বাচ্চ উইলম'ৰে বয়িঙৰ ষ্টাৰলাইন মহাকাশযানত 8 দিনৰ বাবে মহাকাশলৈ যাত্ৰা কৰিছিল । কিন্তু উক্ত মহাকাশযানখনৰ যান্ত্ৰিক বিজুতিৰ বাবে যোৱা 3 মাহ ধৰি মহাকাশত আৱদ্ধ হৈ আছে দুই মহাকাশচাৰী । তেওঁলোকক কঢ়িয়াই অনা স্পেচএক্স কেপচুল দেওবাৰে আই এছ এছত উপস্থিত হয় ।
Welcome, #Crew9! After floating through the Dragon’s hatch, our new arrivals join the crew aboard the @Space_Station. They’ll spend five months conducting @ISS_Research and maintenance on the orbiting lab. pic.twitter.com/DJX7f9vxlg
— NASA (@NASA) September 29, 2024
স্পেচ এক্স কেপচুলৰ অন্যান্য মহাকাশচাৰী
ৰাছিয়াৰ মহাকাশ সংস্থাৰ নিক হাফ আৰু আলেকজেণ্ডাৰ নামৰ দুজন মহাকাশচাৰীয়ে প্ৰায় 265 মাইল (426 কিলোমিটাৰ) মহাকাশলৈ যাত্ৰা কৰিছে । লগতে অহা বছৰৰ ফেব্ৰুৱাৰী মাহলৈকে মহাকাশ কেন্দ্ৰত থাকিব । যেতিয়া তেওঁলোকে মহাকাশত উপস্থিত হয় তেতিয়া তেওঁলোকক সুনীতাকে ধৰি আন মহাকাশচাৰীয়ে আদৰণি জনায় । জানিবলৈ পোৱা গৈছে যে মহাকাশ কেন্দ্ৰত সদায় মহাকাশচাৰী থাকে । ইয়াতে থাকি বিভিন্ন ধৰণৰ গৱেষণা কৰে । বিশেষ মহাকাশযানৰ যোগেদি মহাকাশলৈ অহা-যোৱা কৰে ।
Contact confirmed at 5:30pm ET (2130 UTC). Next, the Dragon spacecraft will complete the docking sequence, and undergo a series of checks before crews can open the hatch and welcome #Crew9 to the @Space_Station. pic.twitter.com/y3ve8FLBqs
— NASA (@NASA) September 29, 2024
প্ৰতি 6 মাহৰ মূৰে মূৰে মহাকাশচাৰীয়ে মহাকাশ কেন্দ্ৰ সলনি কৰে
নাছাই প্ৰতি 6 মাহৰ মূৰে মূৰে মহাকাশ কেন্দ্ৰত মহাকাশচাৰীক সলনি কৰে । ইলন মাস্কৰ ৰকেট কোম্পানী স্পেচএক্সে মহাকাশলৈ টেক্সি সেৱা আগবঢ়ায় । 2020 চনৰ পৰা স্পেচএক্সে এই সেৱা আগবঢ়াই আহিছে । এতিয়া নাছাই এই সেৱাৰ বাবে বয়িং কোম্পানীৰ সহযোগিতা লৈছে ।