ডুমডুমা,30 জানুৱাৰীঃ বুধবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপাইত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা । ৰূপাই-কাকপথাৰ পথত থকা SBIৰ ATM ত ধন জমা কৰিবলৈ গাড়ী অহাৰ সময়তেই সংঘটিত হৈছিল গুলিচালনাৰ ঘটনা । ডকাইত আৰু ATM ৰ সুৰক্ষা কৰ্মীৰ মাজত হোৱা প্ৰচণ্ড গুলীয়াগুলীৰ ফলত নিহত হয় এজন সুৰক্ষা কৰ্মী ৷ ইফালে বৃহস্পতিবাৰে গন্ধৈগুৰী বনাঞ্চলৰ মাজত উদ্ধাৰ হয় ডকাইতটোৰ মৃতদেহ ৷ জানিব পৰা মতে, মৃত ডকাইতটোৰ নাম বিনন মৰাণ ৷ 25 বছৰীয়া বিনন মৰাণ কাকপথাৰ বৰালিৰ বাহনিৰ নবিন মৰাণ পুত্ৰ ৷
![deathbody recover at doomdooma](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5896321_t.jpg)
অধিক তথ্যৰ বাবে পঢ়কঃডুমডুমাত ডকাইতৰ গুলিত নিহত ATMৰ সুৰক্ষী কৰ্মী