তিনিচুকীয়া, 29 মে’: তিনিচুকীয়াৰ শ্ৰীপুৰীয়াৰ গংগাপাৰাস্থিত টিংৰাই নদীৰ পাৰত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ লগৰীয়াৰ সৈতে ফুৰিবলৈ গৈছিল ৰাজ গগৈ আৰু নিহাল আচাৰ্য নামৰ দুই যুৱক ৷ কিন্তু ফুৰিবলৈ বুলি যোৱা যুৱকদ্বয় সোঁশৰীৰে উভতি অহাৰ পৰিৱৰ্তে সাৱটি ল'লে কৰুণ মৃত্যুক ৷
জানিব পৰা মতে, শনিবাৰে ৬ জন যুৱক টিংৰাই নদীৰ পাৰলৈ ফুৰিবলৈ বুলি উলাই গৈছিল । তাৰে দুজন নদীত নামি গা ধুবলৈ গৈছিল আৰু বাকী কেইজন ঘৰলৈ উভতি আহিছিল ৷ কিন্তু, কিছু সময়ৰ পাচত ৰাজ গগৈ আৰু নিহাল আচাৰ্য উভতি নহাত বাকী যুৱককেইজনে নদীৰ পাৰলৈ যোৱাত লগৰ দুজনক নদীৰ সোঁতে উটুৱাই নিয়া অৱস্থাত প্ৰত্যক্ষ কৰে ৷
লগৰ দুজনক সোঁতে উটুৱাই নিয়া দেখি উপায়ন্তৰ হৈ তেওঁলোকে ততাতৈয়াকৈ ওচৰ-চুবুৰীয়া আৰু আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু এনডিআৰএফ বাহিনীয়ে দুই যুৱক ক্ৰমে ৰাজ গগৈ আৰু নিহাল আচাৰ্যক মৃত অৱস্থাত নদীৰ পৰা উদ্ধাৰ কৰে । সম্প্ৰতি এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷
লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সাৰ পালে অসম আৰক্ষী