ETV Bharat / state

Dancer Suman Moran: গৃহভূমিত উপস্থিত ডান্স বাংলা ডান্সৰ চূড়ান্ত প্ৰতিযোগিতা বিজয়ী সুমন মৰাণ - assam kid in national dance platform

কলকতাত অনুষ্ঠিত ‘ডান্স বাংলা ডান্স’ৰ চূড়ান্ত প্ৰতিযোগিতাত জয়ী কাকপথাৰ টঙনাৰ সুমন মৰাণ ৷ জয়ী হৈ দুটা মাহৰ পাছত তিনিচুকীয়াত উপস্থিত কণমানি সুমন মৰাণ । সুমনৰ পৰৱৰ্তী পৰিকল্পনা কি ? চাওক এই প্ৰতিবেদন ৷

Dancer Suman Moran
গৃহভূমিত উপস্থিত ডান্স বাংলা ডান্সৰ চূড়ান্ত প্ৰতিযোগিতা বিজয়ী সুমন মৰাণ
author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 5:32 PM IST

গৃহভূমিত উপস্থিত ডান্স বাংলা ডান্সৰ চূড়ান্ত প্ৰতিযোগিতা বিজয়ী সুমন মৰাণ

তিনিচুকীয়া, ১৬ অক্টোবৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ এটি কণমানিৰ নৃত্যই মুগ্ধ কৰি তুলিছে সমগ্ৰ ভাৰতবাসীক । কাকপথাৰৰ অতি ভিতৰুৱা এখন গাঁও টঙনা গাঁৱৰ ৰাজেন মৰাণ আৰু স্বৰ্ণালী মৰাণৰ ১১ বছৰীয়া কণমানি সন্তান সুমন মৰাণে পশ্চিম বংগৰ কলকাতাত অনুষ্ঠিত হৈ থকা Zee Bangla ৰ ‘ডান্স বাংলা ডান্স’ৰ জুনিয়ৰ শাখাত নিজৰ অনন্য প্ৰতিভাৰ জৰিয়তে ইতিমধ্যে ২৫ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা চূড়ান্ত প্ৰতিযোগিতাত জয়ী হ’বলৈ সক্ষম হৈছে ।

অশেষ কষ্টেৰে চূড়ান্ত প্ৰতিযোগিতাত জয়ী হোৱাত পিতৃ-মাতৃ, পৰিয়াল, গাঁওবাসী, তিনিচুকীয়াবাসীৰ লগতে সুমন মৰাণৰ প্ৰশিক্ষকগৰাকীয়ে অতি আনন্দিত হৈ পৰিছে । জয়ী হোৱাৰ পাছত আজি তিনিচুকীয়াত দুটা মাহৰ পাছত উপস্থিত হয় সুমন মৰাণ ৷ তাৰ পাছতে বিভিন্ন দল-সংগঠনৰ লগতে শুভাকাংক্ষীসকলে শুভেচ্ছা, অভিনন্দন জনোৱাৰ লগতে বিপুল আদৰণি জনায় ৷ ৭ বছৰ বয়সৰ পৰাই নৃত্যচৰ্চা কৰি আজিৰ দিনত ৰাষ্ট্ৰীয় টেলিভিছন চেনেলত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে সক্ষম হৈছে সুমনে ।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও সুমন মৰাণে কালাৰচ্‌ টি ভিত সম্প্ৰচাৰিত ডান্সৰ প্ৰতিযোগিতাত অংশগ্ৰহন কৰিছিল যদিও আঘাতপ্ৰাপ্ত হৈ বাহিৰ হ’বলগীয়া হৈছিল । কিন্তু এইবাৰ যেন সকলোধৰণৰ বাধাক নেওচি নিজৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছে সুমন মৰাণ ৷ ডান্স বাংলা ডান্স প্ৰতিযোগিতাৰ বিচাৰকৰ আসনত থকা ডান্সৰ মহান তাৰকাসকলৰ লগতে বলীউডৰ অতি জনপ্ৰিয় অভিনেতা, ডান্সাৰ মিথুন চক্ৰৱৰ্তীৰ জাউৰিয়ে জাউৰিয়ে হাতচাপৰি বুটলিবলৈ সক্ষম হোৱাৰ লগতে মন মুগ্ধ কৰিবলৈ সক্ষম হৈছে কণমানি সুমণ মৰাণে ৷

দেশৰ বিভিন্ন প্ৰান্তৰ মুঠ ৯ গৰাকী প্ৰতিযোগী নিৰ্বাচিত হোৱা চূড়ান্ত প্ৰতিযোগিতাত অসমৰ একমাত্ৰ প্ৰতিযোগী হিচাবে আছিল ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ চুমন মৰাণ ৷ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাত মুঠ ১০ মাহৰ এটা যাত্ৰা আছিল সুমনৰ ৷ গতিকে Zee ৰ দৰে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেনেলৰ Zee Bangla ৰ দ্বাৰা সম্প্ৰচাৰিত ‘ডান্স বাংলা ডান্স’ত বিজয়ী হৈ আহিবলৈ অসমবাসীৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছিল সুমন মৰাণৰ লগতে পিতৃ-মাতৃ আৰু সুমনৰ প্ৰশিক্ষকগৰাকীয়ে । তাৰ পাছতে সুমন মৰাণৰ সৰ্বাধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছিল সুমন মৰাণ ৷

এনেদৰেই অনাগত দিনত সুমন মৰাণে Zee Tv ৰ ‘Dance +’ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সিদ্ধান্ত লোৱাৰ লগতে তাতো জয়ী হোৱাৰ আশা পুহি ৰাখিছে ৷ আমিও আশা কৰিছোঁ, শুভেচ্ছা জনাইছোঁ বিজয়ী হৈ আহক ডান্সাৰ সুমন মৰাণ, উজ্জ্বল হওক ভৱিষ্ৎ । উজলাই তোলক কাকপথাৰৰ নাম, তিনিচুকীয়া জিলাখনৰ নাম, অসমৰ নাম । কঢ়িয়াই আনক গৌৰৱ।

লগতে পঢ়ক: Assamese film Raghav promotion: বিহপুৰীয়াত ৰাঘৱৰ প্ৰচাৰ চলালে ছবিখনৰ কলা-কুশলীসকলে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.