শদিয়া, 27 আগষ্টঃ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ টঙনা চাহ বাগিছাত চাইকেল বিতৰণ কাৰ্যসুচী হাতত লোৱা হয়৷ বাগিচা খনৰ পৰিচালক আৰু শ্ৰমিক সংগঠনৰ সংস্থাই এই কাৰ্যসূচী হাতত লয়৷বাগিচাখনৰ শ্ৰমিক সকলক একোখনকৈ বাই চাইকেল প্ৰদান কৰি বাগিচালৈ অহা যোৱা কৰাৰ লগতে নিজৰ ঘৰুৱা সুবিধা হ'ব পৰাকৈ চাইকেল সমূহ বিতৰণ কৰা হয় ৷
জানিব পৰা মতে বাগিচাখনৰ শ্ৰমিক সকলৰ কামত উপস্থিতিৰ ওপৰত নিৰ্ণয় কৰি গ্ৰেড হিচাপে নিৰ্বাচন কৰি আজি প্ৰথম পৰ্যায়ত প্ৰায় শতাধিক শ্ৰমিকক বাই চাইকেল প্ৰদান কৰাৰ লগতে তলৰ পৰ্যায়ৰ একাংশ শ্ৰমিকক ঘৰৰ বাবে চকিও বিতৰণ কৰা হয়৷শ্ৰমিক উন্নয়ন সংস্থাই প্ৰতিজন শ্ৰমিকৰ দৰমহাৰ পৰা শ্ৰমিকৰ উন্নয়নৰ বাবে ৰখা আছোতীয়া পুজিঁৰে এনেধৰণৰ শ্ৰমিক সকলৰ উন্নয়নৰ বাবে এনে ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে ৷জানিব পৰা মতে 2017-18 বৰ্ষৰ সৰ্বমুঠ 56 লাখ টকাৰে এই চাইকেল বিতৰণ কাৰ্যসুচী হাতত লোৱা হয়৷আজি প্ৰথম পৰ্যায়ত প্ৰায় এক শতাধিক পুৰুষ-মহিলাক চাইকেল বিতৰণ কৰা কাৰ্যসূচীটোত টঙনা চাহ বাগিচাখনৰ পৰিচালক, সহ-পৰিচালককে ধৰি শ্ৰমিক সংগঠনৰ প্ৰতিনিধিও উপস্থিত থাকে৷ চাহ বাগিচাখন সুন্দৰ ৰূপত পৰিচালনাত এনে ধৰণৰ শ্ৰমিকৰ উন্নয়ন মুলক কাৰ্যই বিশেষ উদগণী যোগাব বুলি আশা কৰিব পাৰি ৷ উল্লেখ্য যে সততে বিৰ্তকত সোমাই পৰা তিনিচুকীয়া জিলা কাকপথাৰ টঙনা চাহ বাগিচাখন বিগত কেইবাটাও দশকত কেইবাবাৰু বন্ধ হৈ পৰাৰ লগতে পৰিচালকক মাৰপিট, খেদি পঠিওৱাৰ দৰে ঘটনা সংঘটিত হৈ আহিছিল৷ কিন্তু বৰ্তমান প্ৰায় তিনি, চাৰি বছৰে বাগিচাখনৰ পৰিচালককে ধৰি সকলো বিষয়া, কৰ্মচাৰীৰ প্ৰচেষ্টাত শান্তি, সম্প্ৰিতি বজাই ৰাখি বাগিচা খন সু-পৰিকল্পিত ভাবে আগুৱাই নিয়াত সকলোৱে সন্তুষ প্ৰকাশ কৰিছে৷