ETV Bharat / state

কি দৰে দিন কটাইছে অসম আন্দোলনৰ এসময়ৰ সক্ৰিয়কৰ্মী বিনাৰাম বৰাই... - তিনিচুকীয়া বাতৰি

অসম আন্দোলন কৰি তিনিবাৰকৈ জেললৈ গৈছিল ডুমডুমাৰ ফিল'বাৰীৰ অসম আন্দোলন কৰ্মী বিনাৰাম বৰাই ৷ সেনাৰ প্ৰহাৰত চিৰদিনৰ বাবে হেৰুৱাইছিল শ্ৰৱণ শক্তি ৷ ৰোগাক্ৰান্ত বিনাৰামৰ খবৰ লবলৈ আহৰি নাই এসময়ত অসম আন্দোলন কৰি বৰমূৰীয়া হোৱা বৰ্তমানৰ ৰজাঘৰীয়াৰ ৷

কি দৰে দিন কটাইছে অসম আন্দোলনৰ এসময়ৰ সক্ৰিয়কৰ্মী মিনাৰাম বৰাই...
author img

By

Published : Nov 16, 2019, 11:04 PM IST

ডুমডুমা, 16 নৱেম্বৰ: যি সময়ত ৰাজ্য চৰকাৰ তথা প্ৰশাসনে ৰাজকোষৰ ধন শৰাধ কৰি ব্ৰক্ষ্মপুত্ৰ পুষ্কৰৰ দৰে উৎসৱ পতাত ব্যস্ত সেই সময়তে আমি কেতিয়াবা ভাবি চাইছো নে কেনে আছে অসমীয়া জাতি ৰক্ষাৰ বাবে এসময়ত অসম আন্দোলন কৰি নিজ জীৱনৰ সৰ্বস্ব উজাৰি দিয়া লোকসকল ৷ 80ৰ দশকৰ এই বিদেশী খেদাৰ নামত হোৱা ছয়বছৰীয়া আন্দোলনে এচামক ধন-যশস্য,ক্ষমতাৰ সোৱাদ, সকলো দি যদি প্ৰতিষ্ঠা কৰিলে বৰঘৰত, আন্দোলনৰ নামত নিজৰ সৰ্বস্ব উজাৰি দিয়া এচামক কিন্তু নিদিলে ন্যূনতম মৰ্যদা ৷ এই আন্দোলনত অংশগ্ৰহণ কৰা বহুতো বৰ্ষীয়ান কৰ্মীৰ ইতিমধ্যেই মৃত্যু হৈছে আৰু যি সকল জীয়াই আছে তেওঁলোকে এতিয়া এটা এটা দিন কটাব লগা হৈছে চৰম অৱহেলাৰ মাজত ৷ তাৰে মাজৰ এজন হৈছে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ফিল'বাৰী সোণোৱাল গাঁৱৰ 78 বছৰীয়া বিনাৰাম বৰা ৷ এসময়ত অসম আন্দোলনৰ সক্ৰিয় কৰ্মী বিনাৰাম বৰা ফিল'বাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ৰ পৰাই আঞ্চলিক ভৱাধাৰাৰে জড়িত হৈ পৰিছিল আছু আৰু গণ সংগ্ৰাম পৰিষদৰ লগত ৷ অসম আন্দোলনৰ চৰম সময়খিনিতে 1982 চনৰ পৰা 1985 চনৰ মাজত তিনিবাৰকৈ কাৰাৰুদ্ধ হৈছিল অসমীয়া জাতি ৰক্ষাৰ আন্দোলনৰ সেনানীজন ৷

কি দৰে দিন কটাইছে অসম আন্দোলনৰ এসময়ৰ সক্ৰিয়কৰ্মী বিনাৰাম বৰাই...

আনকি আন্দোলনৰে জড়িত হোৱাৰ অপৰাধত সেনাৰ প্ৰহাৰত চিৰদিনৰ বাবে শ্ৰৱণ শক্তি হেৰুৱাবলগীয়া হৈছিল বিনাৰাম বৰাই ৷ কিন্তু, এসময়ত জাতি-ভেটি ৰক্ষাৰ বাবে নিজৰ সৰ্বস্ব উজাৰি দিয়া বিনাৰাম বৰা এতিয়া ৰোগাক্ৰান্ত ৷ বিনাৰামৰ চিকিৎসা কৰাব পৰাকৈ অৰ্থনৈতিক ভাৱেও সক্ষম নহয় ফিল'বাৰী সোণোৱাল গাঁৱত বাসকৰা বিনাৰামৰ পৰিয়ালটো ৷ ইমানবোৰ চৰকাৰী আঁচনি থকাৰ পাছতো এইজন বৰ্ষীয়ান অসম আন্দোলন কৰ্মীয়ে এতিয়ালৈকে লাভ নকৰিলে কোনো চৰকাৰী আঁচনিৰ সেৱা ৷ এসময়ত অসম আন্দোলন কৰি বৰ্তমান শাসনপাটত অধিস্থিত হোৱা মন্ত্ৰী-এম এল এৰো আহৰি নাই মিনাৰাম খবৰ লবলৈ ৷ ইয়াৰ পাছতো স্থানীয় দল সংগঠনৰ চৰকাৰক আহ্বান, "সহায় কৰক ৰোগাক্ৰান্ত বিনাৰামৰ"৷

আৰু পঢ়ক: শিৱসাগৰত ব্যতিক্ৰমী কাৰ্যসূচীৰে পালন 'ৰাষ্ট্ৰীয় প্ৰেছ দিৱস'

Intro:Date: 16-11-2019

Slug: তিনিবাৰকৈ জেইল খোৱা অসম আন্দোলনৰ সক্ৰিয় কৰ্মী মিনাৰাম বৰা বৰ্তমান ৰোগাক্ৰান্ত ।

: খবৰ লবলৈ আহৰি নাই চৰকাৰ-প্ৰশাসনৰ ।

V/O: তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফিল'বাৰী ৰবৰগুৰি সোনোৱাল গাঁৱৰ মিনাৰাম বৰা । ৭৮ বছৰীয়া মিনাৰাম বৰা অসম আন্দোলনৰ এগৰাকী সংক্ৰিয় কৰ্মী আছিল । আঞ্চলিক ভাৱধাৰাৰে উদ্ভুক্ত বৰাই ফিল'বাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ৰ পৰাই আছু, গণ সংগ্ৰাম পৰিষদ আদিৰ লগত জড়িত হৈ পৰিছিল । সেই সময়ৰ গণ সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় পৰ্যায়ৰ নেতাৰ উপস্থিতিত গঠিত গণ সংগ্ৰাম পৰিষদৰ গাভৰুভেটি আঞ্চলিক সমিতিৰ প্ৰথম এবছৰ উপ-সভাপতি আৰু পৰৱৰ্তী সময়ত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল । ছাত্ৰ জীৱনৰ পৰাই আঞ্চলিক ভাৱধাৰাৰ প্ৰতি আকৃষ্ট মিনাৰাম বৰাই অসম আন্দোলনৰ সময়ত ১৯৮২ ৰ পৰা ১৯৮৫ লৈ তিনিবাৰ জেইল খাটিছিল । অন্যহাতে সেই সময়ত মিনাৰাম বৰা সেনা-আৰক্ষীৰ দ্বাৰা প্ৰহৃতও হ'ব লগা হৈছিল । আৰক্ষীয়ে বিছাৰি অহাৰ সময়তেই ডুমডুমা আৰক্ষী থানাৰ এগৰাকী বিষয়াই নিজ হাতত থকা ডায়েৰীৰে প্ৰচণ্ড জোৰেৰে কানত প্ৰহাৰ কৰিছিল বৰাক । আজিও তেওঁ এটা কানেৰে নুশুনে । তিনিবাৰকৈ জেইল খোৱা অসম আন্দোলনৰ সক্ৰিয় কৰ্মী মিনাৰাম বৰাৰ খবৰ লবলৈ আহৰি নাই চৰকাৰ-প্ৰশাসন কিম্বা দল-সংগঠনৰ । আনকি বৰাই আজিকোপতি লাভ নকৰিলে কোনোধৰণৰ চৰকাৰী সাহাৰ্য । অনাময় আচনিৰ এটা শৌচালয়ৰ পৰিৱৰ্তে কোনো এটা চৰকাৰী সাহাৰ্য লাভ নকৰা মিনাৰাম বৰা বৰ্তমান ৰোগাক্ৰান্ত ।

Byte: মিনাৰাম বৰা ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 16-11-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.