তিনিচুকীয়া,16 জানুৱাৰী: বহু অপেক্ষাৰ অন্তত সমগ্ৰ দেশৰ লগতে অসমৰ জনবহুল জিলা তিনিচুকীয়াটো শুভাৰম্ভ কৰা হ'ল ভয়াবহ কোভিড ৰোগ প্ৰশমনৰ টীকাকৰণ ৷ এই সম্পৰ্কত তিনিচুকীয়া জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডঃ আলটাফ হুছেইনে সংবাদ মাধ্যম আগত জনায় যে, জিলাখনত প্ৰথমজন ব্যক্তি হিচাপে এই টীকাকৰণ সাহসেৰে আৰু হাঁহিমুখে গ্ৰহণ কৰিলে তিনিচুকীয়া জিলা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডঃ মৃদুল গগৈয়ে ৷
আনহাতে জিলাখনৰ প্ৰথমগৰাকী মহিলা হিচাপে প্ৰতিষেধক গ্ৰহণ কৰিলে অসম আৰক্ষীৰ কৰ্মী চন্দনা গগৈয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৎপৰতাত আৰম্ভ হোৱা এই অভিযানে সমগ্ৰ দেশৰ লগতে অন্যান্য জনসাধাৰণক উপকৃত কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ৷