ডুমডুমা, ২০ মে': ক’ভিড-১৯ৰ দ্বিতীয়টো ঢৌৱে এতিয়া জোকাৰি গৈছে সমগ্ৰ ৰাজ্য । চিকিৎসকসকলে দিনে-নিশাই নিজৰ জীৱনকো তুচ্ছ কৰি ৰোগীৰ সেৱা আগবঢ়াই আহিছে ৷ ঠিক তেনে সময়তেই তিনিচুকীয়া জিলাখনতো দ্ৰুতগতিত আগ্ৰাসন ঘটিছে ক’ভিডৰ ।
তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত বুধবাৰে ডুমডুমাস্থিত হিন্দুস্থান ইউনিলিভাৰৰ তৰফৰ পৰা ভেণ্টিলেছনৰ লগতে জৰুৰীকালীনভাৱে ব্যৱহৃত বহু সজুঁলি প্ৰদান কৰে । চিকিৎসালয়খনৰ সঞ্চালক ডাঃ মৃদুল গগৈয়ে হিন্দুস্থান ইউনিলিভাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অনাগত দিনতো হিন্দুস্থান ইউনিলিভাৰে প্ৰয়োজন সাপেক্ষে সামগ্ৰী প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়ক: আৰটিপিচিআৰ পৰীক্ষা 20 শতাংশলৈ বৃদ্ধিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ