তিনিচুকীয়া, 26 মে’: বিগত ১৯ মে’ৰ পৰা ক’ভিডত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল ডিগবৈৰ শিক্ষয়িত্ৰী শেৱালী নেওগ ৷ কিন্তু ক’ভিডৰ সৈতে যুঁজি অৱশেষত মঙলবাৰে নিশা জীৱন যুঁজত হাৰ মানে 43 বছৰীয়া শেৱালী নেওগে ৷ নেওগ টিংৰাইৰ ৰজনীকান্ত বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল ৷
১৯৯৯ চনত চাকৰিত যোগদান কৰিছিল নেওগে ৷ শেৱালীৰ স্বামী নীল সোণোৱাল বৰ্তমান ক’ভিড 19 ত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ৷
লগতে চাওকঃ দীঘাৰ উপকূলত সাগৰীয় ঘূৰ্ণী য়াছৰ প্ৰভাৱ