তিনিচুকীয়া,২০ মে': তিনিচুকীয়া জিলাৰ মাকুমৰ সমীপৰ হাপজান চাহ বাগিছাৰ ১৩ নং লাইনৰ নিবাসী প্ৰধান মুড়া নামৰ এজন লোক ক'ভিড আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত । জানিব পৰা মতে ব্যক্তি জনে কিছু দিন ধৰি জ্বৰ-কাঁহত ভূগি আছিল । লক্ষণীয়ভাৱে স্থানীয় আশা কৰ্মীয়ে হাপজান স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰিবলৈ পৰামৰ্শও দিছিল কিন্তু লোকজনে ব্যক্তিগত চেম্বাৰত দেখুৱাই কেৱল দৰব গ্ৰহণ কৰিছিল । আনকি লোকজনে অঞ্চলটোৰ বজাৰে বজাৰে ঘূৰি ফুৰিছিল বুলিও স্থানীয় ৰাইজে অভিযোগ কৰিছে ।
লক্ষণীয়ভাৱে চাহ-বাগিচা অঞ্চলত এতিয়াও সজাগতাৰ অভাৱ লগতে একাংশৰ অসাৱধনাতাৰ ফলত এতিয়া সকলোৱে শংকিত হৈ পৰিছে । ক'ভিড বিধি উলংঘা কৰি বহু চাহ-বাগিচাত দিনৰ ১১ বজাৰ পিছটো শ্ৰমিকক কামত লগোৱাৰ দৃষ্টিগোচৰ হৈছে ।
ফলস্বৰূপে গাঁও আৰু চাহ-বাগিচাসমূহলৈ ক'ভিডৰ দ্ৰুত সংক্ৰমণ হোৱা পৰিলক্ষিত হৈছে । চাহ-বাগিচাৰ খনৰ একাংশ সচেতন শ্ৰমিকে বাগান কতৃপক্ষৰ লগতে আদিবাসী ছাত্ৰ সংগঠনক চাহ-বাগিচাসমূহৰ লাইনে লাইনে ক'ভিডৰ ভয়াৱহতাৰ বিষয়ে সজাগ কৰিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক:ভালখবৰ : অসমত ক’ভিড আক্ৰান্তৰ হাৰ ৬.০২ শতাংশলৈ হ্ৰাস