ETV Bharat / state

Corruption in PDS: সুলভ মূল্যৰ চাউল কিনিবলৈ গৈ ৰঙাঘৰৰ আলহী ডিম্বেশ্বৰ

author img

By

Published : Mar 5, 2022, 9:52 AM IST

কাকপথাৰ কাচিজান বনবাশী গাঁৱত নিশা উত্তপ্ত পৰিস্থিতি ৷ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ পেটত গোৰ মাৰিবলৈ গৈ ৰোষত পৰিল ডিম্বেশ্বৰ মৰাণ ৷ সুলভ মূল্যৰ চাউল কিনিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’ল ডিম্বেশ্বৰ নামৰ ব্যক্তিগৰাকী (Corruption in distribution of PDS) ৷

Allegiance of controlar goods seller at kakopothar
সুলভ মূল্যৰ চাউল কিনিবলৈ গৈ ৰঙা ঘৰৰ আলহী হ’ল ডিম্বেশ্বৰ

শদিয়া, 5 মাৰ্চ : দুৰ্নীতি আৰু অনিয়ম, ৰাজ্যৰ একাংশ লোকৰ বাবে এয়াই হৈছে ধন ঘটাৰ সহজ উপায় ৷ বিভাগীয় কৰ্তৃপক্ষৰ চকুত ধূলি দি ৰাজ্যৰ কেইবাটাও খণ্ডত একাংশই চলাই গৈছে দুৰ্নীতি ৷ এই অভিযোগ কাকপথাৰৰ টঙনা আৰক্ষী থানাৰ অন্তগত ১নং কাঁচিজান বনবাশীৰ গাঁওবাসীৰ (Corruption allegations in distribution of PDS) ৷

হঠাৎ শুকুৰবাৰে নিশা ১নং কাচিজান বনবাশী গাঁৱত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, টঙনা সমবায় সমিতিৰ অন্তগত কাঁচিজান বনবাশী গাঁৱৰ সুলভ মূল্যৰ এজেন্ট ৰামকুমাৰ ধানোৱাৰে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকসকলৰ বাবে অহা প্ৰায় ১৮ কুইণ্টল চৰকাৰী চাউল বিক্ৰী কৰে ডিম্বেশ্বৰ মৰাণক (Corruption in distribution of PDS)৷

আন্ধাৰৰ সুযোগ লৈ ডিম্বেশ্বৰ মৰাণেও শুকুৰবাৰে নিশা এই চাউলখিনি নিবলৈ উপস্থিত হয় বনবাশী গাঁৱত ৷

তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ ৷ কিয়নো চৰকাৰী চাউল কিনিবলৈ আহিছিল ডিম্বেশ্বৰ মৰাণে ৷ স্থানীয় ৰাইজে ডিম্বেশ্বৰ মৰাণক আটক কৰাৰ লগতে তেওঁৰ পৰা জব্দ কৰে AS 23 CC 4753 নম্বৰৰ এখন ডি আই বাহন আৰু প্ৰায় ১৮ কুইণ্টল সুলভ মূল্যৰ চাউল ৷ তাৰ পাচতে স্থানীয় ৰাইজে ডিম্বেশ্বৰ মৰাণক লপাথপা দি গতাই দিয়ে আৰক্ষীক ৷

উল্লেখ্য যে, ১নং কাঁচিজান বনবাশী গাঁৱত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকসকলৰ বাবে অহা চৰকাৰী সুলভ মূল্য চাউলৰ নামত প্ৰায়ে সংঘটিত হৈ আহিছে ব্যাপক অনিয়ম ৷ চৰকাৰী নিয়ম মতে, চৰকাৰে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকসকলক মাহত দুবাৰকৈ গাইপতি 20 কেজি সুলভ মূল্যৰ চাউল প্ৰদান কৰিব লাগে ৷ কিন্তু ১নং কাঁচিজান বনবাশী গাঁৱৰ ৰাইজে মাহত দুবাৰৰ বিপৰীতে তিনি মাহৰ মূৰত এবাৰহে চৰকাৰী সুলভ মূল্যৰ চাউল লাভ কৰে ৷

এই অভিযোগ তৰিছে অঞ্চলটোৰ ৰাইজে ৷ ৰাইজে অভিযোগ কৰা অনুসৰি, তিনিমাহৰ মূৰত চৰকাৰী চাউল লাভ কৰিলেও চৰকাৰী এজেন্টে বিনা কাৰণত 2-3 কেজি চাউল কাটি ৰাখে, যাক লৈ ক্ষোভিত এতিয়া অঞ্চলটোৰ ৰাইজ ৷ স্থানীয় ৰাইজৰ দাবী, চৰকাৰী এজেন্টজনৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে দোষীক উচিত শাস্তি প্ৰদান কৰক ৷

লগতে পঢ়ক : কেনে অৱস্থাত আছে কলঙক পুনৰ বোৱাই নিয়াৰ বাবে লোৱা ১৩৫ কোটি টকাৰ প্ৰজেক্ট চিগনেচাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.