ETV Bharat / state

Constituency Delimitation:মৰাণ বিধানসভা সমষ্টিৰ নাম বাহাল ৰখাৰ দাবী মৰাণ ছাত্ৰ সন্থাৰ

author img

By

Published : Jul 12, 2023, 8:58 PM IST

মৰাণ বিধানসভা সমষ্টিৰ নাম বাহাল ৰখাৰ দাবী মৰাণ ছাত্ৰ সন্থাৰ ৷ ‘একাংশ লোকে ‘মৰাণ’ নামটোকে ল’ব নিবিচাৰে ৷ তেওঁলোকে অসমৰ বাবে বিষাক্ত ৷’

Constituency Delimitation
মৰাণ বিধানসভা সমষ্টিৰ নাম বাহাল ৰখাৰ দাবী মৰাণ ছাত্ৰ সন্থাৰ

তিনিচুকীয়া, ১২ জুলাই:মৰাণ বিধানসভা সমষ্টিৰ নাম বাহাল ৰখাৰ দাবী মৰাণ ছাত্ৰ সন্থাৰ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা বিৰোধিতাৰে মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণে কয় ‘‘ অসমৰ ভূমিপুত্ৰ মৰাণসকলৰ বাবে 'মৰাণ' নামৰ ঠাইখন চিৰদিন বাহাল থাকিব লাগিব। মৰাণ জনগোষ্ঠীৰ আদিম বাসভূমি আছিল ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ পৰা মৰাণলৈ ৷ মৰাণসকলে এই বৃহৎ অঞ্চলটোত মানৱ সভ্যতাৰ পাতনি মেলিছিল । মৰাণসকলৰ অন্তিমজন ৰজা বদৌচাৰ ৰাজধানী আছিল মৰাণৰ নাতিদূৰত অৱস্থিত খটখটি নামৰ ঠাইত । যুগৰ বিৱৰ্তনৰ ফলশ্ৰুতিত সম্প্রতি উক্ত বৃহৎ অঞ্চলত মৰাণ জনজাতি লোকৰ বসবাস সেৰেঙা ।’’

‘‘আনহাতে অসমৰ জনগণ, মৰাণ সমষ্টিৰ অন্তৰ্গত ৰাইজ আৰু বিভিন্ন জাতি-জনগোষ্ঠীয় সংগঠনসমূহৰ প্রতি আহ্বান, মৰাণসকলে সমষ্টিটোৰ অধিকাৰ বিচৰা নাই, কেৱল ইতিহাস সুৰক্ষিত হৈ থকাটো বিচাৰিছে । মৰাণ ছাত্ৰ সন্থাই বিশ্বাস কৰে যে অসমৰ আদিম ইতিহাস জীয়াই থাকিলেহে অসম নামৰ ভূ-ভাগত মানৱ সভ্যতাৰ প্ৰতিষ্ঠাকালৰ সূত্ৰৰ আঁত ধৰিব পাৰিব ৷ এই আঁত ধৰি পৰৱৰ্তী সময়ত যুগ বিৱৰ্তন, ইতিহাসৰ সৈতে সমন্বিত হ’ব আৰু বৃহৎ অসমীয়া সমাজৰ প্ৰকৃত ৰূপ প্রতিফলিত হ'ব । গতিকে 'মৰাণ' নামটো বৃহত্তৰ সমাজত জীয়াই ৰাখিব বাবে মৰাণ বিধানসভা সমষ্টিটো বিলুপ্ত নকৰি বাহাল ৰাখিবলৈ দাবী জনাইছো ৷’’

নিৰ্বাচন আয়োগ আৰু চৰকাৰলৈ আহ্বান জনাই ছাত্ৰ সন্থাটোৰ নেতৃত্বই কয় ‘‘ দীৰ্ঘদিনৰ পৰা একাংশ লোকে মৰাণ নামটোকে ল’ব নিবিচাৰে ৷ তেওঁলোকে অসমৰ বাবে বিষাক্ত,তেওঁলোকে অসম বিৰোধী কাম কৰে ৷ যদি মৰাণসকলৰ দাবী চৰকাৰে মানি নলয় তেতিয়া হলে আগন্তুক দিনত তীব্ৰ প্ৰতিবাদ কৰিম৷’’

লগতে পঢ়ক:Matak Union protest: সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.