তিনিচুকীয়া, ৫ ডিচেম্বৰ : মঙলবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মাকুম ৰে'লৱে ষ্টেচনত । ৰে'লৱে ষ্টেচনৰ ভূমিত বেদখল উচ্ছেদ কৰাক লৈয়ে সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ । উল্লেখ্য যে কেইবাটাও দশক ধৰি তিনিচুকীয়া জিলাৰ মাকুম নগৰৰ ৰে'লৱে জংচনটোৰ সমীপত ৰে'লৱেৰ ভূমি দখল কৰি শতাধিক সৰু-বৰ ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰি ব্যৱসায়-বাণিজ্য চলাই আছিল একাংশ লোকে ৷
কিন্তু প্ৰায় তিনিটা দশক ৰে'লৱেৰ ভূমিত ব্যৱসায় চলাই থকা লোকসকলৰ ব্যৱসায়িক প্ৰতিষ্ঠানত পৰিছে এতিয়া প্ৰশাসনৰ হাতুৰীৰ কোব, চলিছে বুলডজাৰ । যাৰ বাবে এতিয়া ক্ষোভত ফাটি পৰিছে ব্যৱসায়ীসকল । কাৰণ তেওঁলোকৰ হেঁপাহৰ দোকানসমূহ ৰে'ল বিভাগ আৰু প্ৰশাসনৰ বুলড’জাৰেৰে ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰি পেলোৱা হৈছে ৷
মঙলবাৰে পুৱাৰ পৰাই দণ্ডাধীশৰ উপস্থিতিত শ শ আৰক্ষী-নিৰাপত্তাৰক্ষীক লৈ ৰে'লৱেৰ ভূমি বেদখলমুক্ত কৰিবলৈ প্ৰশাসনে চলায় বুলড’জাৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অমৃত ভাৰত নিৰ্মাণৰ অংশ হিচাপে মাকুম নগৰৰ ৰে'লৱে জংচনটো অত্যাধুনিক ৰূপত পুনৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰে'ল বিভাগে ৷ আহল-বহল ৰূপত নিৰ্মাণ হ'বলগীয়া মাকুম ৰে'লৱে জংচনটোৰ বাবেই এই উচ্ছেদ চলাইছে ৰে'লৱে আৰু তিনিচুকীয়া প্ৰশাসনে ৷
ইপিনে নিজ নিজ সপোনৰ ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদৰ সময়ত একাংশ লোকে ৰে'লৱে বিষয়াৰে তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে । আনহাতে, ইয়াৰ বিপৰীতে আকৌ একাংশ লোকে এই উচ্ছেদ অভিযানত সহযোগিতা আগবঢ়ায় ৷ ইপিনে উচ্ছেদিত লোকসকলক অন্য স্থানত ৰে'লৱেৰ ভূমি প্ৰদান কৰাৰ লগতে উক্ত স্থানত ব্যৱসায় চলাই নিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে তিনিচুকীয়া ৰে'লৱে আৰু জিলা প্ৰশাসনে ৷
লগতে পঢ়ক :বৰআলিলৈ বৰলুইতৰ খহনীয়াৰ ভাবুকি; সমাধান বিচাৰি ৰাইজৰ প্ৰতিবাদ