ETV Bharat / state

Child Abuse at School: বিদ্যালয়ত কণমানি ছাত্রীক শিক্ষয়িত্ৰীয়ে আতিশয্য চলোৱাৰ অভিযোগ

author img

By

Published : Mar 31, 2023, 10:35 PM IST

তিনিচুকীয়াৰ বাডিং বাডচ্‌ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ছাত্ৰ-ছাত্ৰীক পাঠদানৰ নামত শাৰীৰিকভাৱে অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে(Teacher abuse child at School) ৷ বিদ্যালয়খনৰ শিক্ষয়িত্ৰীয়ে এগৰাকী কণমানিক চৰ সোধাৱাৰ লগতে ধমকি দিয়াৰ ঘটনা পোহৰলৈ অহাৰ পিচতে আৰক্ষীৰ কাষ চাপিছে অভিভাৱক (complaint against teacher in Tinsukia)৷

complaint against child abuse at School in Tinsukia
বিদ্যালয়ত কণমানি ছাত্রীক শিক্ষয়িত্ৰীয়ে আতিশয্য চলোৱাৰ অভিযোগ

তিনিচুকীয়া, ৩১ মার্চ: তিনিচুকীয়া চহৰৰ অন্যতম ব্যক্তিগত অগ্ৰণী শিক্ষানুষ্ঠান বাডিং বাডচ্‌ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অঘটন ৷ বিদ্যালয়খনত অধ্যয়নৰত এগৰাকী কণমানি শিক্ষাৰ্থীক শিক্ষয়িত্ৰীয়ে শাৰীৰিকভাৱে অতিশয্য চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (complaint against child abuse at School) ৷ ইয়াকে কেন্দ্ৰ কৰি চহৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

ভুক্তভোগী শিশুটোৰ মাতৃয়ে ঘটনা সন্দৰ্ভত কোৱা অনুসৰি যোৱা 24 মাৰ্চৰ পৰা বাডিং বাডচ্‌ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পাঠদান আৰম্ভ হৈছিল (complaint against teacher in Tinsukia) ৷ তাইক চৰিয়াইছে, ধমকি দিছে, কান্দিলে আৰু পিটিম বুলি ধমক দিছে ৷ শ্ৰেণীকোঠাত তাইক অকলশৰীয়া কৰি অন্য ছাত্ৰ-ছাত্ৰীসকলক খেলিবলৈ লৈ যায় ৷ তাইৰ লগত দুৰ্ব্যৱহাৰ কৰা হৈছিল ৷ বিদ্যালয়খনৰ অধ্যক্ষ সমীৰণ গগৈৰ পত্নী মিতালী গগৈয়ে মোৰ সন্তানৰ লগত এনে ব্যৱহাৰ কৰিছিল (Teacher abuse child at School) ৷

উল্লেখ্য যে, শিশুৰ ওপৰত শাৰীৰিক নির্যাতন তথা অসৎ আচৰণ কঠোৰভাৱে নিষিদ্ধ যদিও শিক্ষয়িত্রী মিতালী গগৈয়ে বিদ্যালয়খনৰ নাৰ্ছাৰীত পঢ়ি থকা এগৰাকী কণমানি শিশুক শাৰীৰিকভাৱে নির্যাতন চলোৱা বুলি অভিভাৱকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ আনহাতে বিদ্যালয়খনৰ নৃত্য শিক্ষক গুৰজিৎ সিঙে শিশুটিক অত্যাচাৰ কৰাৰ বিষয়ে আৰক্ষীৰ আগত ইতিমধ্যে স্বীকাৰোক্তি দিছে।

এই ঘটনা সন্দৰ্ভত তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাই (Tinsukia DSP Hiranya Kumar Bora)জানিব দিয়া অনুসৰি, শিক্ষয়িত্রী মিতালী গগৈৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩২৩/৩৪ ধাৰাৰ আৰ/ডব্লিউ ধাৰা ৭৫ৰ অধীনত কিশোৰ ন্যায় (শিশুৰ যত্ন আৰু সুৰক্ষা) আইন ২০১৫ৰ বিপৰীতে তিনিচুকীয়া সদৰ থানাত ২১৭/২৩ নম্বৰত গোচৰ ৰুজু হৈছে। লগতে ভুক্তভোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে স্কুলখনৰ গোপন কেমেৰাৰ ভিডিঅ’ সংগ্ৰহ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ ইতিমধ্যে আতিশয্য চলোৱাৰ সন্দৰ্ভত তথ্য লাভ কৰা বুলিও উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও শিক্ষয়িত্ৰী মিতালী গগৈৰ বিৰুদ্ধে শিক্ষাৰ্থীক আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। ইফালে কণমানি ছাত্ৰীগৰাকীৰ পিতৃও একেখন বিদ্যালয়তে শিক্ষকতা কৰে ৷ এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিচতে ভুক্তভোগী কণমানিটিৰ পিতৃগৰাকীক পদত্যাগ কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষই হেঁচা প্ৰয়োগ কৰা বুলি জানিবলৈ পৰা হৈছে ৷

লগতে পঢ়ক: Peace accord with Adivasi militant group: শান্তি চুক্তিৰ এটা দফাও পূৰণ কৰা নাই চৰকাৰে, ক্ষোভিত ৮ টাকৈ সংগঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.